ধোঁৱাচাঙত গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাভিটা হিন্দুপাৰা জল জীৱন আচঁনি
গোৱালপাৰা, ০৩ জুলাই (হি.স.)। গোৱালপাৰা জিলাত ধোঁৱাচাঙত উঠিছে এখন জল জীৱন আচঁনি । আচঁনি খন ৰূপায়নৰ পিছতো গাওঁ খনৰ পৰিয়ালে নাপালে এটুপি খোৱাপানী । গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাভিটা হিন্দুপাৰা জল জীৱন আচঁনি খনৰ পৰা বঞ্চিত হৈছে জনতা । উল্লেখ্য় যে লা
ধোঁৱাচাঙত গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাভিটা হিন্দুপাৰা জল জীৱন আচঁনি


গোৱালপাৰা, ০৩ জুলাই (হি.স.)। গোৱালপাৰা জিলাত ধোঁৱাচাঙত উঠিছে এখন জল জীৱন আচঁনি । আচঁনি খন ৰূপায়নৰ পিছতো গাওঁ খনৰ পৰিয়ালে নাপালে এটুপি খোৱাপানী । গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাভিটা হিন্দুপাৰা জল জীৱন আচঁনি খনৰ পৰা বঞ্চিত হৈছে জনতা ।

উল্লেখ্য় যে লাখ লাখ টকা আৱণ্টন দি প্ৰায় দুই শতাধিক পৰিয়ালক খোৱা পানী যোগান ধৰাৰ বাবে আচঁনি খন ৰূপায়ন কৰা হৈছিল । আচঁনি খন ৰূপায়নৰ পিছত অলপ কেইদিন পানী যোগান ধৰা হৈছিল যদিও পিছত এই আঁচনিৰ সুবিধাৰ পৰা গাওঁৰ পৰিয়াল কেইটা বঞ্চিত হৈ পৰে । ফলত প্ৰায় ছমাহতকৈ অধিক দিন ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে গাওঁৰ লোক সকলে । সম্প্ৰতি দমকলৰ লেতেৰা পানী সেৱন কৰি জীৱন অতিবাহিত কৰিছে গাওঁৰ লোক সকলে। ইফালে আচঁনি খন সুচল কৰাৰ ক্ষেত্ৰতো বিভাগৰ তৰফৰ পৰা কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । ফলত আচঁনি খন বন্ধ হৈ পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande