এফএছএছএআই-এ ‘শক্তিশালী পানীয়’ৰ দাবীৰ বিৰুদ্ধে কঠোৰ, কেইবাটাও পানীয় ব্ৰেণ্ডলৈ জাননী জাৰি
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (এফএছএছএআই)ই ভুল ব্ৰেণ্ডিং আৰু বিভ্ৰান্তিকৰ দাবীৰ বাবে ‘এনাৰ্জি ড্ৰিংকছ’ বুলি দাবী কৰি কেইবাটাও পানীয় ব্ৰেণ্ডলৈ জাননী জাৰি কৰিছে। এফ এছ এছ এ আইৰ মতে, এই সামগ্ৰীসমূহৰ ব্ৰেণ্
एफ एस एस ए आई ने जारी किया नोटिस


নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (এফএছএছএআই)ই ভুল ব্ৰেণ্ডিং আৰু বিভ্ৰান্তিকৰ দাবীৰ বাবে ‘এনাৰ্জি ড্ৰিংকছ’ বুলি দাবী কৰি কেইবাটাও পানীয় ব্ৰেণ্ডলৈ জাননী জাৰি কৰিছে। এফ এছ এছ এ আইৰ মতে, এই সামগ্ৰীসমূহৰ ব্ৰেণ্ডিং আৰু প্ৰচাৰৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আৰু লেবেলিং নিয়মৰ সৈতে অসঙ্গতিপূৰ্ণ দাবী অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত ৰেড বুল এনাৰ্জি ড্ৰিংক, ষ্টিং এনাৰ্জি ড্ৰিংক, মনষ্টাৰ এনাৰ্জি, কেম্পা গোল্ড বুষ্ট, এড্ৰিনেলিন ৰাছ, হিল এনাৰ্জী আদি অন্যতম।

নিয়ন্ত্ৰকজনে সংশ্লিষ্ট কোম্পানীসমূহৰ পৰা সঁহাৰি বিচাৰিছে আৰু বিভ্ৰান্তিকৰ দাবী আৰু ভুল ব্ৰেণ্ডিং তৎক্ষণাত শুধৰণি কৰিবলৈ নিৰ্দেশ দিছে। এই কোম্পানীসমূহৰ বিপণন, লেবেলিং, আৰু প্ৰচাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰকগৰাকীয়ে তীব্ৰ আপত্তি জনাইছে।

জাননীখনত কোৱা হৈছে যে শক্তিযুক্ত পানীয় শব্দটো স্বীকৃতি নোপোৱা: ভাৰতত শক্তিযুক্ত পানীয় নামৰ কোনো চৰকাৰী খাদ্য শ্ৰেণী নাই। বিভ্ৰান্তিকৰ দাবী খাদ্য সুৰক্ষা আইন ২০০৬ য়ে খাদ্য বা পানীয়ক চিকিৎসামূলক বা কাৰ্য্যকৰী দাবী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে, যেনে মন আৰু শৰীৰক শক্তিশালী কৰা, মনোযোগ বৃদ্ধি কৰা, শক্তিৰ মাত্ৰা বৃদ্ধি কৰা, বা সাধাৰণ দুৰ্বলতাৰ পৰা উপশম দিয়া।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande