ধেমাজিত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত অৰ্ধশতাধিক
ধেমাজিত খাদ্যত বিষক্ৰিয়া।
ধেমাজিত খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত অৰ্ধশতাধিক


ধেমাজি, ০৩ জুলাই (হি.স.): ধেমাজিত সংঘটিত হৈছে এক ভয়াৱহ খাদ্যত বিষক্ৰিয়াৰ ঘটনা । এটা বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, ধেমাজিত যোৱা কালি বৃহস্পতিবাৰ বিয়লি খাদ্যত বিষক্ৰিয়া (Food Poisoning) ঘটি প্ৰায় ৪০ ৰ পৰা ৫০ গৰাকী লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

জানিব পৰা মতে, আকস্মিকভাৱে অসুস্থ হৈ পৰা এই ৪০-৫০ জনীয়া লোকৰ দলটোক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু স্থানীয় চিকিৎসালয়ত তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো উন্নতি নোহোৱাত আৰু পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰাত, তেওঁলোকক ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় (AMCH) লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande