
ওদালগুৰি, ০৩ জুলাই (হি.স.): ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বন্যহস্তীৰ তাণ্ডৱ চলি আহিছে। ইয়াৰ ফলত ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাট ৷ ভেৰগাঁৱৰ বাদলাপাৰা তিনি আলিত বিদ্যালয় গৃহৰ লগতে, বিভিন্ন ঠাইত কেইবাটাও পৰিয়ালৰ গৃহ ধংসস্তুপত পৰিণত কৰিলে বন্যহস্তীয়ে । আজি পুৱতি নিশা বাদলাপাৰা তিনিআলিৰ উত্তৰ শেখৰ মধ্য ইংৰাজী বিদ্যালয়ত বন্যহস্তীয়ে প্ৰৱেশ কৰি ভাঙি পেলায় বিদ্যালয়ৰ কাৰ্যালয়ৰ লগতে শ্ৰেণীকোঠা, ইয়াৰ পূৰ্বেও বিদ্যালয় খনৰ ৰান্ধনী ঘৰ আৰু চাৰিসীমাৰ বেৰ ভাঙি চুৰমাৰ কৰে বন্যহস্তীয়ে।
ভূটান সীমান্তৰ ডিমাকুছি, বামুনজুলি, ৰজাগড়, বাদলাপাৰা, বগৰীতল, নালাপাৰা, টেংকি বস্তিত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাট। এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বন বিভাগ। বিশেষকৈ ওদালগুৰি জিলাখনৰ উত্তৰাঞ্চলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ বিয়াগোম বনবিভাগ৷ দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে । বন্যহস্তীৰ হাতীৰ জাকে দিনৰ ভাগত চাহবাগিচা অঞ্চলত আশ্ৰয় লয় আৰু নিশা হোৱাৰ লগে-লগে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, নামঘৰ, বিদ্যালয় গৃহ, খেতি-বাৰী খাদ্য, শস্য খাই, ঘৰদুৱাৰ ভঙাৰ লগতে নিৰিহ লোকক নিহত কৰি আহিছে ৷
প্ৰতিদিনে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে, আনকি পঢ়া টেবুল এৰি, ভাত খাই থকাৰ মুহূৰ্ততো বনৰীয়া হাতী খেদিবলৈ দৌৰিব লাগে ৷ ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা হাতত লোৱা নাই। বিদ্যালয় খনৰ প্ৰধান শিক্ষক ধীৰেণ বড়োৱে বিদ্যালয় গৃহৰ মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক। বিদ্যালয়খনত হাতী ৰখিবলৈ টংচি ঘৰ আৰু নৈশ চকীদাৰ বিচাৰিও কাতৰ আহ্বান জনায় বিদ্যালয় কৰ্তৃপক্ষৰ চৰকাৰ তথা জনপ্ৰতিনিধিলৈ, অন্যথা বাৰে-বাৰে এই সংঘটিত হৈয়েই থাকিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ