

গুৱাহাটী, ০৩ জুলাই (হি.স.)। ডিমৰীয়াৰ ভৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ'ল এজনৰ।
উজনিৰ দিশৰ পৰা গুৱাহাটী অভিমুখী ইউ পি ২১ ডি টি ৯৫৫৫ নম্বৰৰ তীব্ৰবেগী কণ্টেইনাৰ বাহনখনে একে দিশতে গৈ থকা এ এছ ০১ আৰ চি ২২৩১ নম্বৰৰ ট্ৰাক এখনত খুন্দা মৰাৰ ফলত ট্ৰাকখন উফৰি ডিভাইডাৰ পাৰ হৈ খুন্দিয়াই বিপৰীত দিশেৰে আহি থকা এখন ছুইফট ডিজায়াৰ বাহনত।
ফলত ট্ৰাকখনত থকা এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈ কণ্টেইনাৰ খনত আৱদ্ধ হৈ পৰে চালকজন,,
আনহাতে কিছু পৰিমাণে আহত হয় ছুইফট ডিজায়াৰ খনৰ এজন লোক।
ঘটনাস্থলীত ক্ষেত্ৰী যানবাহন আৰক্ষী উপস্থিত হৈ আহত-নিহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
হিন্দুস্থান সমাচাৰ / Narayan Kar