অধ্যাপক যোগেশ সিঙ দ্বিতীয় কাৰ্যকালৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙক পাঁচ বছৰৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰ নিযুক্তি দি শিক্ষা মন্ত্ৰালয়ে পুনৰবাৰ আস্থা ৰাখিছে। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক যোগেশ সিঙক পুনৰ নিযুক্ত
डीयू कुलपति योगेश सिंह (फाइल फोटो)


নতুন দিল্লী, ০৩ জুলাই (হি.স.)। দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক যোগেশ সিঙক পাঁচ বছৰৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰ নিযুক্তি দি শিক্ষা মন্ত্ৰালয়ে পুনৰবাৰ আস্থা ৰাখিছে।

দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক যোগেশ সিঙক পুনৰ নিযুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা মন্ত্ৰালয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিশ্ববিদ্যালয়ৰ দৰ্শক হিচাপে নিজৰ ক্ষমতা প্ৰয়োগ কৰি দ্বিতীয় কাৰ্যকালৰ বাবে অধ্যাপক সিঙক দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে।

উচ্চ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অধ্যাপক যোগেশ সিঙৰ দ্বিতীয় কাৰ্যকাল অহা ৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।তেওঁৰ নতুন কাৰ্যকাল পাঁচ বছৰৰ বাবে হ’ব।

শিক্ষা মন্ত্ৰালয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ আছে যে উপাচাৰ্য হিচাপে অধ্যাপক যোগেশ সিঙৰ কাৰ্যকাল বিশ্ববিদ্যালয় আইন, বিধি, অধ্যাদেশ অনুসৰি হ’ব।

অধ্যাপক যোগেশ সিং বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু এতিয়া একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে নিযুক্তি লাভ কৰিছে। শিক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি), এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (এআইইউ) আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষলৈও প্ৰেৰণ কৰিছে পত্ৰখনৰ প্ৰতিলিপি।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande