
চিৰাং, ০৩ জুলাই (হি.স.)। বিটিচিৰ নৱ নিযুক্ত বন বিভাগৰ কাৰ্যবাহী সদস্য জেমচ বসুমতাৰীক চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ত আদৰণী জনায়। চিৰাং জিলা বিপিএফৰ সভাপতি তথা নিচিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীক বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীৰ অনুৰোধ মৰ্মে ৰাজ্যপালে পূৰ্বৰ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মৰ সলনি এই দায়িত্ব অৰ্পণ কৰে। পানীৰাম ব্ৰহ্ম চিদলী-চিৰাং সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁৰ হাতত থকা বন বিভাগৰ কাৰ্যবাহী সদস্যৰ পদ জেমচ বসুমতাৰীক অৰ্পণ কৰে।
আজি বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰি আহি চিৰাঙত উপস্থিত হোৱাৰ পিছতে চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু বিপিএফ দলৰ নেতা কৰ্মী সকলে কাৰ্যবাহী সদস্য জনক আদৰণী জনায়। এই আদৰণী অনুষ্ঠানত দুজনকৈ পাৰিষদ ক্ৰমে শুকুৰসিং মুছাহাৰী আৰু নন্দলাল মগৰ উপস্থিত থকাৰ লগতে বিপিএফ দলৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ কুমাৰ বসুমতাৰী, সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰী সহ বিপিএফ দলৰ কেন্দ্ৰীয়, জিলা আৰু ব্লক পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত হৈ আদৰণী জনায়।
নৱ নিযুক্ত বন বিভাগৰ কাৰ্যবাহী সদস্য জেমচ বসুমতাৰীয়ে কয় মই আজিহে শপতগ্ৰহণ কৰিছো। কম সময়ৰ ভিতৰতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ সৈতে সভাত মিলিত হৈ বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাৰ বাবে কাম কৰিম। মই বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ পৰামৰ্শ লৈ ৰাইজৰ হৈ সদায় কাম কৰি যাম বুলি কয় কাৰ্যবাহী সদস্য জনে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু