মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
শোণিতপুৰ, ০৩ জুলাই (হি.স.)। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি তেজপুৰত চিপিআই এম দলে প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ শোণিতপুৰ জিলা কমিটিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে । উল্লেখযোগ্য যে বামপন্থী ৰাজনৈতিক দলটোৱে আজি তেজপুৰত গণ-বিক্ষোভ কাৰ্যসূ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত চিপিআই(এম)ৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ


শোণিতপুৰ, ০৩ জুলাই (হি.স.)। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি তেজপুৰত চিপিআই এম দলে প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ শোণিতপুৰ জিলা কমিটিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে । উল্লেখযোগ্য যে বামপন্থী ৰাজনৈতিক দলটোৱে আজি তেজপুৰত গণ-বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আপোনাৰ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনায় ৷

তেজপুৰ চহৰৰে সমদল কৰি আদালত চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰী সকলে কয় যে, দেশ আৰু ৰাজ্যৰ কোটি কোটি শ্রমজী শ্ৰমজীৱি, কৃষক, নিম্ন-মধ্যবিত্ত আৰু মধ্যবিত্ত জনসাধাৰণ অভূতপূর্ব মূল্যবৃদ্ধিৰ কোবত জৰ্জৰিত। নিত্য প্রয়োজনীয় সামগ্ৰীৰ দাম দিনে দিনে বৃদ্ধি পাইছে। পেট্র'ল, ডিজেল, ৰন্ধন গেছ, খাদ্যসামগ্রী, জীবনদায়ী ঔষধ আদিৰ এটাৰ পিছত এটাৰ দাম অস্বাভাৱিক বৃদ্ধি পাই সাধাৰণ মানুহৰ জীৱন-জীৱিকা বিপর্যস্ত কৰি তুঁলিছে বুলি মন্তব্য কৰি লগতে কয় যে, অথচ বৰ্তমানৰ চৰকাৰখনে এই অনাকাংক্ষিত মূল্যবৃদ্ধি নিয়ন্ত্রণত চূড়ান্তৰূপে ব্যর্থ হৈছে।

আজি দিনৰ প্ৰায় ১১ বজাত তেজপুৰৰ হেমবৰুৱা ভৱন চৌহদৰ সন্মুখত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা দলটোৰ ডেৰশতাধিক নেতা-কৰ্মী আৰু সমৰ্থক সমবেত হৈ পেট্র'ল, ডিজেল আৰু এল পি জি চিলিণ্ডাৰৰ বর্ধিত মূল্য অবিলম্বে প্রত্যাহাৰ কৰক, পেট্র'লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত আৱকাৰী কৰ, চেছ আৰু অন্যান্য শুল্ক প্রত্যাহাৰ বা উল্লেখযোগ্যভাবে হ্রাস কৰক, ঘৰুৱা এল পি জিৰ পর্যাপ্ত আৰু নিয়মীয়া যোগান নিশ্চিত কৰক, জীৱনদায়ী ঔষধ, খাদ্যসামগ্রী আৰু সকলো অত্যাবশ্যকীয় সামগ্রীৰ মূল্য নিয়ন্ত্রণ কৰি সুলভমূল্যত যোগান ধৰিব লাগিব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰক, মজুতদাৰী, কৃত্রিম সংকট সৃষ্টি আৰু মুনাফাখোৰীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্রহণ কৰক, সাধাৰণ জনসাধাৰণৰ ওপৰত কৰৰ বোজা হ্রাস কবি বৃহৎ সম্পদশালী আৰু অতি-ধনী গোষ্ঠীৰ ওপৰত ন্যায়সংগত কৰব্যৱস্থা নিশ্চিত কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

এই গণ বিক্ষোভ কাৰ্যসূচীত অংশ লয় চিপিআই (এম)ৰ নেতা মনেশ্বৰ বড়ো, ৰয়েল চৰেং, ভৱানন্দ ৰায় আৰু ৰবীন তামুলীয়ে । দলটোৰ নেতাসকলে প্ৰতিবাদীস্থলীত প্ৰদান কৰা ভাষণত কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ ফলতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনসাধাৰণৰ জীৱন-জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে।আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস পোৱাৰ পিছতো পেট্র'ল, ডিজেল আৰু এল পি জিৰ মূল্য হ্রাস নকৰাটোৱে প্ৰমাণ কৰে যে মূল্যবৃদ্ধি বজাৰৰ অনিবার্য ফল নহয়, বৰঞ্চ চৰকাৰৰ কৰনীতি আৰু নীতিগত সিদ্ধান্তৰ ফল। পেট্র'লজাত সামগ্ৰীৰ ওপৰত অস্বাভাৱিক আৱকাৰী কৰ, চেছ আৰু বিভিন্ন শুল্ক আৰোপ কৰি জনসাধাৰণৰ পকেট লুটি ৰাজহ সংগ্ৰহ কৰাৰ নীতি কোনো সভ্য, জনকল্যাণমুখী চৰকাৰৰ নীতি হ'ব নোৱাৰে।ইফালে সাধাৰণ মানুহক মিতব্যয়িতা আৰু ত্যাগৰ উপদেশ দছে, আনফালে বৃহৎ পুঁজিপতি আৰু কর্প'ৰেট গোষ্ঠীক বিভিন্ন ধৰণৰ কৰ ৰেহাই, নীতিগত সুবিধা আৰু আর্থিক সা-সুবিধা প্রদান কৰিছে। এই দ্বিমুখী নীতিয়ে ধনী-দুখীয়াৰ বৈষম্য অধিক গভীৰ কৰি তুলিছে আৰু সাধাৰণ মানুহৰ ওপৰত অসহনীয় আর্থিক বোজা জাপি দিছে।

বজাৰত মজুতদাৰী, কৃত্রিম সংকট আৰু অবাধ মুনাফাখোৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ পৰিৱৰ্তে চৰকাৰৰ নিষ্ক্রিয়তা মূল্যবৃদ্ধিক অধিক উৎসাহিত কৰিছে বুলি ক্ষোভ উজাৰি তেওঁলোকে আৰু কয় যে, ইয়াৰ পৰিণতিত আজি বহু পৰিয়ালে দুবেলা দুমুঠি আহাৰ, চিকিৎসা, শিক্ষা আৰু জীৱনৰ ন্যূনতম প্রয়োজন পূৰণ কৰাটোও কঠিন হৈ পৰিছে।সেয়েহে জনস্বার্থৰ প্রতি সম্মান জনাই ছয়দফীয়া দাবী তাৎক্ষণিকভাবে কার্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায় প্ৰতিবাদীকাৰী দলীয় নেতা- কৰ্মীসকলে ৷ ইয়াৰ পিচত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande