
লখিমপুৰ, ০৩ জুলাই (হি.স.): লক্ষিমপুৰৰ এগৰাকী তৃতীয় শ্ৰেণীৰ কণমানি ছাত্ৰক যোৱা তিনিমাহ ধৰি তেওঁৰে একাংশ জেষ্ঠ সতীৰ্থই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে । আৱাসিক বিদ্যালয়ত পঢ়িবৰ বাবে ৰখা ছাত্ৰ জনক প্ৰতি দিনাই মাৰপিট কৰাৰ লগতে এটা দাঁতো ভাঙি দিলে দুজন ছাত্ৰই । অৱশেষত গৰম বন্ধৰ বাবে পিতৃয়ে ঘৰলৈ অনাতহে ওলাল সকলো কথা ।
গোগামুখৰ বিবেকানন্দ চেন্ট্ৰেল স্কুলত তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জনে মাক দেউতাকক মাৰপিটৰ ক'লেই মাৰি পেলোৱাৰ ভয়ত তিনিমাহে এই যন্ত্ৰণা নীৰৱে সহ্য কৰি আছিল। শেষত ঘৰলৈ আহি সকলো বিৱৰি কোৱাত এতিয়া মাক দেউতাকে চিকিৎসা কৰোৱাইছে ছাত্ৰ জনৰ। নাৰায়ণপুৰৰ ভোগপুৰৰ নবিন কুমাৰ ৰাথী নামৰ লোক জনৰ পুত্ৰৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। আৱাসিক বিদ্যালয়ত উন্নত শিক্ষা ল'বৰ বাবে পঠোৱা নিজ পুত্ৰৰ এই অৱস্থা দেখি বৰ্তমান শোকত ভাঙি পৰিছে পিতৃ মাতৃ। উপায়ন্তৰ হৈ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে উচিত বিচাৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ