ধুবুৰীত আৰক্ষীৰ অভিযানত কাহ-পিতলৰ বৃহৎ সামগ্ৰীসহ আটক পাঁচজন গভাইত চোৰ
ধুবুৰী, ০৩ জুলাই (হি.স.)। চোৰৰ বৃহৎ ঘাটি উৎখাত ধুবুৰী আৰক্ষীৰ । কাহ-পিতলৰ বৃহৎ সামগ্ৰী সহ আটক পাঁচজন গভাইত চোৰ। আটকাধীন গভাইত চোৰ কেইজন ক্ৰমে অশোক আলী, ৰফিকুল আলী, জহিৰুল আলী, দুলাল আলী আৰু হেলাল আলী বুলি জানিব পৰা গৈছে। গোপন খবৰৰ ভিত্তিত ধুবুৰী স
ধুবুৰীত আৰক্ষীৰ অভিযানত কাহ-পিতলৰ বৃহৎ সামগ্ৰীসহ আটক পাঁচজন গভাইত চোৰ


ধুবুৰী, ০৩ জুলাই (হি.স.)। চোৰৰ বৃহৎ ঘাটি উৎখাত ধুবুৰী আৰক্ষীৰ । কাহ-পিতলৰ বৃহৎ সামগ্ৰী সহ আটক পাঁচজন গভাইত চোৰ। আটকাধীন গভাইত চোৰ কেইজন ক্ৰমে অশোক আলী, ৰফিকুল আলী, জহিৰুল আলী, দুলাল আলী আৰু হেলাল আলী বুলি জানিব পৰা গৈছে।

গোপন খবৰৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষী আৰু ৰাইডাৰ আৰক্ষীৰ বৃহৎ দল এটাই বগুলামাৰীৰ জহিৰুল আলীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ কাহ-পিতলৰ সামগ্ৰীসহ জব্দ কৰে। গভাইত চোৰ জহিৰুল আলীৰ ভাষ্য অনুসৰি ধুবুৰী বিভিন্ন স্থানত অভিযান চলাই ধুবুৰী আৰক্ষীয়ে আন বাকী গভাইত চোৰ কেইজনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন গভাইত চোৰ কেইজনক আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানা লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande