টিংখাঙত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া
ডিব্ৰুগড়, ০৩ জুলাই (হি.স.)। ডিব্ৰুগড জিলাৰ টিংখাঙত বুঢ়ীদিহিং নদীয়ে কালৰূপ ধাৰণ কৰিছে । বুঢ়ীদিহিঙৰ খহনীয়াই আঘোণীবাৰী-খোৱাং সংযোগী মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। টিংখাঙৰ ৩ নং শলগুৰি আৰু চেঁচা নেপালী অঞ্চলত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া । খহ
টিংখাঙত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া


ডিব্ৰুগড়, ০৩ জুলাই (হি.স.)। ডিব্ৰুগড জিলাৰ টিংখাঙত বুঢ়ীদিহিং নদীয়ে কালৰূপ ধাৰণ কৰিছে । বুঢ়ীদিহিঙৰ খহনীয়াই আঘোণীবাৰী-খোৱাং সংযোগী মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। টিংখাঙৰ ৩ নং শলগুৰি আৰু চেঁচা নেপালী অঞ্চলত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া । খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষিভূমি। আঘোণীবাৰী-খোৱাং সংযোগী মথাউৰিলৈ এতিয়া মাত্ৰ ১০০ৰ পৰা ২০০ মিটাৰমান বাকী থকা অৱস্থাত বিনিদ্ৰ ৰজনী কটাইছে দাঁতিকাষৰীয়া ৰাইজে ।

বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত এতিয়া হাহাকাৰ টিংখাঙৰ চেঁচা নেপালী আৰু ৩ নং শলগুৰি অঞ্চলত । খহনীয়াৰ কবলত পৰি ইতিমধ্যে নিশ্চিহ্ন হৈছে ৰাইজৰ জীৱিকাৰ সম্বল শ শ বিঘা কৃষিভূমি ।

বৰ্তমান আঘোণীবাৰীৰ পৰা খোৱাং সংযোগী মূল মথাউৰিটোলৈ খহনীয়াৰ পৰা মাত্ৰ ১০০-২০০ মিটাৰ দূৰত্ব থকাত যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগি যোৱাৰ শংকাত ভুগিছে ৰাইজ । অনতিপলমে খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰিলে বিস্তীৰ্ণ অঞ্চল চিৰদিনলৈ নদীৰ বুকুত বিলীন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । বিভাগীয় কৰ্তৃপক্ষক খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande