বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ জেমছ বসুমতাৰীৰ
কোকৰাঝাৰ, ০৩ জুলাই (হি.স.)। আজি কোকৰাঝাৰৰ বিটিচি বিধানসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানত ১৬ নং নিচিমা (এছ টি) বিটিচি সমষ্টিৰ এমচিএলএ জেমছ বসুমতাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিটিচ
বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ জেমছ বসুমতাৰীৰ ।


কোকৰাঝাৰ, ০৩ জুলাই (হি.স.)। আজি কোকৰাঝাৰৰ বিটিচি বিধানসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানত ১৬ নং নিচিমা (এছ টি) বিটিচি সমষ্টিৰ এমচিএলএ জেমছ বসুমতাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বিটিচিৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)-ৰ সচিব ভাস্কৰ জ্যোতি মণ্টাই আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত বিটিচি বিধানসভাৰ সচিব এ. এন. ডেকাই অনুষ্ঠানৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰে।

বিটিচিৰ মুখ্য সচিব মুকেশ সাহুৱে জেমছ বসুমতাৰীক পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰায়। শপত গ্ৰহণৰ লগে লগে তেওঁ আনুষ্ঠানিকভাৱে বিটিচিৰ কাৰ্যবাহী সদস্যৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ এই অন্তৰ্ভুক্তিৰে সৈতে তেওঁ বিটিচিৰ ৯২ সংখ্যক কাৰ্যবাহী সদস্য হিচাপে পৰিগণিত হয়।

উক্ত অনুষ্ঠানত বিটিচিৰ উপ-প্ৰধান ৰিহন দৈমাৰী, কাৰ্যবাহী সদস্য ডেৰহাছাত বসুমতাৰী, কৰ্মেশ্বৰ ৰয়, প্ৰকাশ বসুমতাৰী, বিটিচিৰ অতিৰিক্ত মুখ্য সচিব প্ৰাঞ্জিত কুমাৰ ৱাৰীৰ লগতে বিভিন্ন বিভাগৰ সচিবসকল, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande