অসমত মাচা চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ, দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত
গুৱাহাটী, ০৩ জুলাই (হি.স.)। অসমে চাহ উদ্যোগত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰি ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে মাচা চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে। এই তথ্য শুকুৰবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিনিচু
The Illustration shared by Assam CM Dr Himanta Biswa Sarma on X on Friday.


গুৱাহাটী, ০৩ জুলাই (হি.স.)। অসমে চাহ উদ্যোগত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰি ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে মাচা চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে। এই তথ্য শুকুৰবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিনিচুকীয়া জিলাৰ ছোটা টিংৰাই চাহ বাগিচাত মাচা চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সাফল্যই অসমৰ গৌৰৱময় চাহ ঐতিহ্যক পুনৰ সজীৱ কৰি তোলাই নহয়, ৰাজ্যৰ চাহ উদ্যোগৰ বৈচিত্ৰ্যৰ দিশতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে। বিশ্বজুৰি দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰা মাচা চাহৰ উৎপাদনে আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘অসম চাহ’ ব্ৰেণ্ডক আৰু অধিক শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

তেওঁ বুজাই দিলে যে এই সফলতা ভাৰত আৰু জাপানৰ মাজত এক দশকৰো অধিক সহযোগিতাৰ ফল। এই অংশীদাৰিত্বৰ অধীনত জাপানৰ উন্নত প্ৰযুক্তি, বিশেষজ্ঞতা, আৰু আধুনিক মাচা উৎপাদন যন্ত্ৰপাতি অসমত উপস্থিত হয়, যাৰ ফলত ৰাজ্যখনত ব্যৱসায়িকভাৱে মাচা উৎপাদন সম্ভৱ হৈ উঠিল।

মুখ্যমন্ত্ৰীৰ মতে, অসমত উৎপাদিত মাচা চাহৰ প্ৰথম চালান ৫০ লাখ টকাত বিক্ৰী হয়। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ১৩,০০০ টকাৰ মূল্য লাভ কৰি এই প্ৰিমিয়াম সামগ্ৰীৰ বজাৰৰ প্ৰবল চাহিদা প্ৰতিফলিত হৈছে। ইয়াক ভাৰত-জাপান সহযোগিতাৰ এক বৃহৎ সফলতা বুলি অভিহিত কৰি তেওঁ কয় যে এই পদক্ষেপে চাহ উৎপাদকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব আৰু বিশ্ব চাহ বজাৰত অসমৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande