
জম্মু, ০৩ জুলাই (হি.স.)। আজিৰ পৰা আৰম্ভ হৈছে বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰা। দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত পবিত্ৰ গুহা মন্দিৰলৈ বালটাল আৰু নুনৱান (পেহেলগাম) বেছ কেম্পৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰী ৰাওনা হোৱাৰ বিপৰীতে কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মুৰ পৰা কাশ্মীৰলৈ ৰাওনা হয় দ্বিতীয়টো ৩,৮৬৫ গৰাকী তীৰ্থযাত্ৰী।
বিষয়াসকলে জনোৱা মতে, মাজে মাজে বৰষুণ হোৱাৰ পাছতো পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু চুটি ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাল্টাল পথ দুয়োটাতে পুৱাই যাত্ৰা আৰম্ভ হয়।
দুয়োটা বেছ কেম্পৰ পৰা নিজ নিজ জিলা উপাযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পতাকা উত্তোলন কৰি বম বম ভোলে ধ্বনিৰে ৩৮৮০ মিটাৰ উচ্চতাৰ গুহা মন্দিৰৰ ফালে যাত্ৰা আৰম্ভ কৰে পুৰুষ-মহিলা, সাধুকে ধৰি তীৰ্থযাত্ৰীসকলে।
ইফালে, কটকটীয়া নিৰাপত্তাৰ অধীনত দুটা কনভয়ত জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা দ্বিতীয়টো বেটচ তীৰ্থযাত্ৰী ৰাওনা হয়। চৰকাৰী তথ্য অনুসৰি পুৱা ৩:১৩ বজাত বাল্টাল পথলৈ ১৭৩৫ জন তীৰ্থযাত্ৰী ৰাওনা হোৱাৰ বিপৰীতে ২১৩০ জন তীৰ্থযাত্ৰী পুৱা ৩:৩৮ বজাত পহলগাম পথলৈ ৰাওনা হয়, যাৰ ফলত দুয়োটা বেচৰ মুঠ তীৰ্থযাত্ৰীৰ সংখ্যা ৩,৮৬৫ জনলৈ বৃদ্ধি পায়।
বিষয়াসকলে জনোৱা মতে, এই বেচত ২৯৬৫ জন পুৰুষ তীৰ্থযাত্ৰী, ৬১৮ জন মহিলা তীৰ্থযাত্ৰী, ২৩০ জন সাধু, ৪৮ জন সাধ্বী, আৰু চাৰিটা শিশু আছে । ৮৩খন বাছ, ১৪খন মধ্যমীয়া মটৰ গাড়ী, ১০৪খন লঘু মটৰ গাড়ীকে ধৰি ২০১খন বাহনেৰে যাত্ৰা কৰিছে তীৰ্থযাত্ৰীসকলে। বিষয়াসকলে জনোৱা মতে, ১১৫খন বাহন বাল্টাল অভিমুখে যোৱা কনভয়ৰ অংশ, আনহাতে ৮৬খন বাহন পহলগাম বেছ কেম্পৰ দিশে গৈ আছে। কৰ্তৃপক্ষই বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। বাৰ্ষিক তীৰ্থযাত্ৰাৰ নিৰাপদ আৰু মসৃণ পৰিচালনা নিশ্চিত কৰিবলৈ আৰক্ষী, চি আৰ পি এফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ কৰ্মী নিয়োগ কৰা হৈছে। চলিত বছৰৰ ৫৭ দিনীয়া অমৰনাথ তীৰ্থযাত্ৰা ২৮ আগষ্টত সমাপ্ত হ’ব ।
তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে দ্বিতীয় বেটচৰ যাত্ৰাৰ লগে লগে বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে যোৱা দুদিনত জম্মুৰ ভাগৱতী নগৰ যাত্ৰা নিৱাসৰ পৰা মুঠ ৮৬৮৭ গৰাকী তীৰ্থযাত্ৰী কাশ্মীৰ উপত্যকালৈ ৰাওনা হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ