পাকিস্তানী সন্ত্ৰাসবাদী শ্বাহজাদ ভাট্টীৰ সৈতে জড়িত নেটৱৰ্কৰ তদন্তৰ বাবে ৰাজস্থান এটিএছ ২০খনতকৈও অধিক চহৰত অভিযান
- ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱক-যুৱতীক প্ৰলোভিত কৰাৰ অভিযোগত ২৮জন সন্দেহযুক্ত লোকক আটক জয়পুৰ, ০৩ জুলাই (হি.স.)। পাকিস্তানস্থিত সন্ত্ৰাসবাদী শ্বাহজাদ ভাট্টীৰ সৈতে জড়িত সন্দেহযুক্ত নেটৱৰ্কক দমন কৰিবলৈ শুকুৰবাৰে পুৱা ৰাজ্যখনৰ ২০খনতকৈও অধিক চহৰত এক
20 से अधिक शहरों में एटीएस की ताबड़तोड़ कार्रवाई में 28 संदिग्ध हिरासत में


- ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱক-যুৱতীক প্ৰলোভিত কৰাৰ অভিযোগত ২৮জন সন্দেহযুক্ত লোকক আটক

জয়পুৰ, ০৩ জুলাই (হি.স.)। পাকিস্তানস্থিত সন্ত্ৰাসবাদী শ্বাহজাদ ভাট্টীৰ সৈতে জড়িত সন্দেহযুক্ত নেটৱৰ্কক দমন কৰিবলৈ শুকুৰবাৰে পুৱা ৰাজ্যখনৰ ২০খনতকৈও অধিক চহৰত একেলগে অভিযান চলাই ৰাজস্থান এণ্টি টেৰৰিজম স্কোয়াডে। ২৮ জন সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে শ্বাহজাদ ভট্টিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সৈতে যোগাযোগ কৰিছিল। অনলাইন গেম, ধন উপাৰ্জন আৰু গেংষ্টাৰ লৰেন্স বিছনয়ৰ সৈতে সংযোগ স্থাপনৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক প্ৰলোভিত কৰি বন্ধুত্ব কৰিব আৰু তাৰ পিছত সেনা, আৰক্ষী আৰু অন্যান্য স্পৰ্শকাতৰ স্থানৰ ফটো আৰু ভিডিঅ’ বিচাৰিব। তদন্তকাৰী সংস্থাসমূহৰ মতে তেওঁৰ লক্ষ্য আছিল বিশেষকৈ ভাৰত-পাকিস্তান সীমান্তৰ সীমান্তৱৰ্তী জিলাসমূহৰ যুৱক-যুৱতীসকল।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছ’চিয়েল মিডিয়াত শ্বাহজাদ ভাট্টীৰ লগত ফ’ল’ আৰু ইন্টাৰেক্ট কৰা লোকসকলৰ কাম-কাজ এ টি এছে দীৰ্ঘদিন ধৰি নিৰীক্ষণ কৰি আহিছে। এই চোৰাংচোৱাগিৰিৰ ভিত্তিত শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি একেলগে এক অভিযান চলোৱা হয়। আটক কৰা লোকসকলৰ ছ’চিয়েল মিডিয়া একাউণ্ট, মোবাইল ফোন, আড্ডা, ডিজিটেল ডাটা, আৰু অন্যান্য অনলাইন কাৰ্যকলাপৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছে।

তদন্তকাৰী সংস্থাসমূহৰ মতে শ্বাহজাদ ভাট্টিয়ে ৰাজস্থানৰ লগতে হাৰিয়ানা, পঞ্জাব, দিল্লী, উত্তৰ প্ৰদেশত শ্লীপাৰ চেল নেটৱৰ্ক সক্ৰিয় কৰিছে। প্ৰাথমিক তথ্য অনুসৰি হাৱালাৰ জৰিয়তে এই নেটৱৰ্কৰ সৈতে জড়িত ব্যক্তিসকললৈ ধন হস্তান্তৰ কৰা হৈছিল। এতিয়া সংস্থাসমূহে বিত্তীয় লেনদেন, ডিজিটেল যোগাযোগ, আৰু সম্ভাৱ্য নেটৱৰ্ক সংযোগৰ তদন্ত কৰি আছে।

এ টি এছৰ এই কাৰ্যক ৰাজ্যত সম্ভাৱ্য সন্ত্ৰাসবাদী আৰু চোৰাংচোৱাগিৰিৰ কাৰ্যকলাপ ৰোধ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সংস্থাসমূহে এই সমগ্ৰ নেটৱৰ্ক আৰু গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত লোকসকলৰ ভূমিকা সম্পৰ্কে সবিশেষ প্ৰকাশ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande