অন্ধ্ৰ প্ৰদেশত বিবাহ যাত্ৰীৰ অটোৰিক্সাত ট্ৰাকে খুন্দিওৱাত চাৰিজন লোকৰ মৃত্যু
হায়দৰাবাদ, ০৩ জুলাই (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰ জিলাত শুকুৰবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মৃত আটাইকেইজনেই একেটা পৰিয়ালৰ বুলি অনুমান কৰা হৈছে, বিয়াৰ বাবে অটোৰিক্সাৰে মন্দিৰলৈ গৈছিল। মাৰ্কাপুৰ মহ
অন্ধ্ৰ প্ৰদেশত বিবাহ যাত্ৰীৰ অটোৰিক্সাত ট্ৰাকে খুন্দিওৱাত চাৰিজন লোকৰ মৃত্যু


হায়দৰাবাদ, ০৩ জুলাই (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰ জিলাত শুকুৰবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মৃত আটাইকেইজনেই একেটা পৰিয়ালৰ বুলি অনুমান কৰা হৈছে, বিয়াৰ বাবে অটোৰিক্সাৰে মন্দিৰলৈ গৈছিল।

মাৰ্কাপুৰ মহকুমা আৰক্ষী বিষয়া উ. বাকীকেইজন বাহিৰত এখন বাহনত ৰৈ আছিল। কইনাৰ পৰিয়ালে মন্দিৰৰ সমীপত অটোৰিক্সাখন ৰখাই থৈছিল, পিছফালৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে। থিতাতে মৃত্যু হয় এই চাৰিজন লোক, কইনাৰ জ্যেষ্ঠ ভাতৃদ্বয়, ভনীয়েক আৰু এগৰাকী খুলশালীয়েক। নিহত দুজন হৈছে অবুল আলাকানন্দ (১৯), অভুল অংকল্লু (২০), অভুল নাগেশ (১৭), আৰু অভুল নাগেশ্বৰী (২)। আটাইকেইজনেই আছিল গিদ্দালুৰৰ নল্লাবন্ধা বজাৰৰ বাসিন্দা।

সৌভাগ্যক্ৰমে সেই সময়ত মন্দিৰৰ ভিতৰত থকাৰ বাবেই কইনাজনী দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। আৰক্ষীয়ে জনোৱা মতে, ট্ৰাক চালকজন পলায়ন কৰে আৰু অধিক তদন্ত অব্যাহত আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande