
নগাঁও, ০৩ জুলাই (হি.স.)। কামপুৰত প্ৰেছ ক্লাৱ আৰু বন বিভাগৰ উদ্যোগত ৭৭ সংখ্যক বন মহোৎসৱ উদযাপন। কামপুৰতো ১ জুলাইৰ পৰা ৭ জুলাইলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বন মহোৎসৱ । বন মহোৎসৱ উপলক্ষে কামপুৰ প্ৰেছ ক্লাৱ আৰু বন বিভাগৰ যৌথ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয় ।
কামপুৰ কঠিয়াতলী সংযোগী পথৰ কাষে কাষে পৰিৱেশ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কামপুৰ প্ৰেছ ক্লাৱৰ সাংবাদিক সকল আৰু বন বিভাগৰ কৰ্মচাৰী সকলে বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰে । তেতেলীসৰা অঞ্চলটোত প্ৰায় ১০০ জোপাকৈ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় । পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সংবাদ কৰ্মী আৰু বন বিভাগে লোৱা এই পদক্ষেপক শলাগ লয় স্থানীয় ৰাইজে ।
আনহাতে গছ পুলি ৰুলেই নহব, ইয়াক সংৰক্ষণ কৰি ৰাখিবৰ বাবে স্থানীয় লোকক আহ্বান জনায় কামপুৰ প্ৰেছ ক্লাৱৰ সভাপতিয়ে । গছপুলি ৰোপণ কাৰ্যসূচীত কামপুৰ প্ৰেছ ক্লাৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ লগতে কামপুৰ বন বিষয়া ছামিম আকতাৰ আৰু বিষয়ববীয়া সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু