
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে শনিবাৰৰ পৰা দুদিনীয়া সাংগঠনিক ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব । এই সময়ছোৱাত নীতিন নবীনে দলৰ জ্যেষ্ঠ নেতা আৰু বিষয়াসকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ’ব । তেওঁ বিজেপিৰ জনপ্ৰতিনিধি, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতা, আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ সৈতেও মত বিনিময় কৰিব। উত্তৰ প্ৰদেশত অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ কৌশল চোকা কৰাৰ লগতে নৱগঠিত ৰাজ্যিক বিজেপি দলটোক পথ প্ৰদৰ্শনৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ ।
শুকুৰবাৰে বিজেপিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সংগঠনটোক শক্তিশালী কৰাৰ লগতে শক্তি কেন্দ্ৰৰ সমন্বয়ক সন্মিলনত ভাষণ দিব নীতিন নবীনে । উত্তৰ প্ৰদেশৰ নতুন বিজেপি দল গঠনৰ পিছত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এয়া প্ৰথমবাৰৰ বাবে ৰাজ্য ভ্ৰমণ ।
শনিবাৰে পুৱা ১১ বজাত লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব নীতিন নবীন, য’ত তেওঁক দলীয় কৰ্মীয়ে আদৰণি জনাব । আলমবাগ, শ্ৰী টি এন চতুৰ্বেদী চৌহদ, চৰবাগ, দীনদয়াল স্মৃতিকা, মহাৰাণা প্ৰতাপ চৌহদ, আৰু বাৰ্লিংটন চৌহদৰ মাজেৰে পাৰ হৈ তেওঁ পোনে পোনে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব, যিটো এক বৃহৎ ৰোডশ্ব’ হ’ব। কাৰ্যালয়ত নীতিন নবীয়ে ৰাজ্যিক বিজেপিৰ বিষয়া, আঞ্চলিক সভাপতি, ৰাজ্যিক ফ্ৰণ্টৰ সভাপতি, আৰু জিলা সভাপতিৰ সৈতে এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত কৰিব।
সন্ধিয়া ৪:০০ বজাত লক্ষ্ণৌৰ পুৰণি হায়দৰাবাদৰ বিখ্যাত শ্ৰী হনুমান ছেতু মন্দিৰত বিজেপি সভাপতিয়ে প্ৰাৰ্থনা কৰিব। ইয়াৰ পিছতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী দুগৰাকী, বিজেপিৰ সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যৰ সৈতে সাক্ষাৎ কৰিব। ইয়াৰ লগে লগে তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ কোৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব। সন্ধিয়া ৭:৪৫ বজাত পদ্মশ্ৰী বঁটা বিজয়ী ড০ বিদ্যা বিন্দু সিঙৰ লক্ষ্ণৌৰ বাসগৃহত উত্তৰ প্ৰদেশৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিব।
পিছদিনা অৰ্থাৎ দেওবাৰে উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ সৈতে চাহ অধিৱেশনেৰে দিনটোৰ আৰম্ভণি কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। ইয়াৰ লগে লগে পুৱা ৯:৩০ বজাত উত্তৰ প্ৰদেশ এন ডি এৰ নেতাসকলৰ সৈতে যৌথ বৈঠকত মিলিত হ’ব ৷
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ