
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আৰু অধিক শক্তিশালী কৰিছে। বৰ্তমান এই দেশত বিশ্বৰ প্ৰায় ৭৫ শতাংশ বাঘ আছে। শেহতীয়া তথ্য অনুসৰি ভাৰতত বাঘৰ সংখ্যা ৩৬৮২টা হৈছেগৈ, যিটো দেশৰ ৫৮টা বাঘ সংৰক্ষিত বনাঞ্চলত বিয়পি পৰিছে।
বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে এক্স-পোষ্টত ভাষণ দি যাদৱে কয় যে বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো ভাৰতৰ বনাঞ্চলৰ উন্নত অৱস্থা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ প্ৰমাণ। এই সাফল্যই দেশত সংৰক্ষণ নীতি আৰু পদক্ষেপৰ ফলপ্ৰসূতা প্ৰদৰ্শন কৰে।
তেওঁ উল্লেখ কৰে যে বাঘ আৰু ইয়াৰ বাসস্থান সুৰক্ষাৰ বাবে ভাৰতৰ দায়বদ্ধতা অব্যাহত থাকিব। বনাঞ্চলৰ সৈতে জড়িত স্থানীয় জনগোষ্ঠীসমূহৰ জীৱিকা সবলীকৰণ আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেও অবিৰত প্ৰচেষ্টা চলোৱা হ’ব।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ