
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। এনিমেটেড ছবি মহাপ্ৰভু জগন্নাথৰ মুক্তিৰ পথ মুকলি হৈছে। ন্যায়াধীশ বি.ভি.নাগৰত্নাৰ অধ্যক্ষতাৰ বিচাৰপীঠে ছবিখনৰ মুক্তি ৰুদ্ধ কৰা আৱেদন খাৰিজ কৰাৰ আদেশ দিয়ে।
এই আৱেদন দাখিল কৰে মন্দিৰৰ ট্ৰাষ্ট আৰু এজন ভক্তই। উচচতম ন্যায়ালয়ৰ ১৭ জুলাইৰ আদেশত সংশোধনী বিচাৰিছিল, য’ত ২৮ জুলাইত পুৰীত ভগৱান জগন্নাথৰ ৰাথ যাত্ৰা সমাপ্ত হোৱাৰ পিছত ছবিখন মুক্তিৰ অনুমতি দিয়া হৈছিল।উচচতম ন্যায়ালয়ে আবেদনকাৰীৰ যুক্তি নাকচ কৰিছিল যে কাৰ্টুন ছবিৰ জৰিয়তে ভগৱান জগন্নাথক চিত্ৰিত কৰাটো অপমানজনক আৰু মানুহৰ সংবেদনশীলতাক আঘাত কৰে। আদালতে উল্লেখ কৰে যে এই ছবিখনে যদি মানুহৰ সংবেদনশীলতাক আঘাত কৰে তেন্তে ৰামায়ণ আৰু মহাভাৰতৰ আধাৰত কোনো কলা ছবি নিৰ্মাণ নহ’লহেঁতেন।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে মানুহে শিল্প আৰু সৃষ্টিশীলতাৰ বিৰুদ্ধে কেৱল এই ভিত্তিত আবেদন দাখিল কৰিছে যে ই তেওঁলোকৰ সংবেদনশীলতাক আঘাত কৰে। আদালতে সকীয়াই দিছে যে যদি এনে আৱেদন দাখিল হৈ থাকে তেন্তে কঠোৰ নিৰ্দেশ দিব লাগিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ