
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় ভাৰোত্তোলক হৰজিন্দৰ কৌৰ আৰু স্প্ৰিণ্টাৰ গুলৱীৰ সিঙক অভিনন্দন জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মহিলাৰ ৬৯ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে হৰজিন্দৰ কৌৰক প্ৰশংসা কৰে। তেওঁ কয় যে হৰজিন্দৰৰ প্ৰদৰ্শন তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠতাও আছিল, যিটো বিশেষভাৱে উল্লেখযোগ্য। কমনৱেলথ গেমছত ভাৰতীয় ভাৰোত্তোলকসকলৰ উৎকৃষ্ট প্ৰদৰ্শন দেশৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি হৰজিন্দৰক তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনায়।
আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰা গুলভিৰক অভিনন্দন জনাই কয় যে গ্লাছগোত তেওঁৰ প্ৰদৰ্শন অতি উত্তম। গুলৱিৰৰ দায়বদ্ধতা আৰু নিষ্ঠা প্ৰশংসনীয় বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যতৰ কাম-কাজত শুভকামনা জনায়।
উল্লেখযোগ্য যে এথলেটিকছত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত গুলভিৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে মহিলাৰ ৬৯ কেজি ওজন শাখাত হৰজিন্দৰ কৌৰে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰি মুঠ ২২৭ কেজি ওজন তুলিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া