
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এন এইচ আৰ চি) অসমৰ কাছৰ জিলাৰ এটা ধাতু প্ৰক্ৰিয়াকৰণ কাৰখানাত হোৱা বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হোৱাৰ কথা গুৰুত্বসহকাৰে লৈছে। আয়োগে অসমৰ মুখ্য সচিব আৰু কাছৰৰ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত এক বিশদ প্ৰতিবেদন বিচাৰিছে।
আয়োগে কয় যে প্ৰতিবেদনত আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ সবিশেষ আৰু মৃতক আৰু আহত শ্ৰমিকসকলৰ নিকট আত্মীয়সকলক প্ৰদান কৰা ক্ষতিপূৰণ অন্তৰ্ভুক্ত কৰিব লাগে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৬ জুলাইত কাৰখানাত হোৱা এটা বিস্ফোৰণৰ পিছত শ্ৰমিকসকলৰ ওপৰত গলিত ধাতু পৰিছিল, যাৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছিল আৰু দুজন গুৰুতৰভাৱে আহত হৈছিল। দুৰ্ঘটনাৰ সময়ত কাৰখানাত ১০০ৰো অধিক শ্ৰমিক উপস্থিত আছিল ।
স্থানীয় লোক আৰু মৃতকৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল যে কাৰখানাত পূৰ্বতে একেধৰণৰ ঘটনা সংঘটিত হৈছিল। আয়োগে কয় যে যদি সংবাদ মাধ্যমৰ বাতৰি সঁচা হয়, তেন্তে ই গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ