ঝাৰখণ্ডত গ্ৰেপ্তাৰ এক কোটি টকাৰপুকস্কাৰ ঘোষইত মাওবাদী মিছিৰ বেছৰা; তেওঁৰ বিৰুদ্ধে ১৪১টা গোচৰ ৰুজু
ৰাঁচী, ২৯ জুলাই (হি.স.)। ঝাৰখণ্ডৰ নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে । নিষিদ্ধ চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিছিৰ বেছৰা ওৰফে সাগৰ দা আৰু ১ কোটি টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা নক্সালবাদী মিছিৰ বেছৰা ও
मिसिर बेसरा की फाइल फोटो


ৰাঁচী, ২৯ জুলাই (হি.স.)। ঝাৰখণ্ডৰ নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে । নিষিদ্ধ চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মিছিৰ বেছৰা ওৰফে সাগৰ দা আৰু ১ কোটি টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা নক্সালবাদী মিছিৰ বেছৰা ওৰফে সাগৰ দাক যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হয়। সংগঠনটোৰ দুজন সক্ৰিয় সদস্যৰ লগতে আন দুজনকো আটক কৰা হয়। বেছৰাৰ বিৰুদ্ধে ঝাৰখণ্ডত ১৪১টা গোচৰ ৰুজু হৈছে।

খবৰ অনুসৰি গিৰিডিহ-ধনবাদ সীমান্ত অঞ্চলত নক্সাল বিৰোধী বিশেষ অভিযানৰ পৰা হাত সাৰিবলৈ মিছিৰ বেছৰাই তেওঁৰ চাৰিজন সহযোগীৰ সৈতে টাটা মেজিক গাড়ীৰে পলায়নৰ চেষ্টা চলাইছিল। ধনবাদৰ বৰৱাদাত নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি গ্ৰেপ্তাৰ কৰে।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ঝাৰখণ্ড আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া দলটোৱে এই সফলতা লাভ কৰে। টাটা মেজিকৰ পৰাও উদ্ধাৰ হৈছে তিনিটা এ কে ৪৭ ৰাইফল। বেছৰাৰ লগতে আঞ্চলিক সমিতিৰ সদস্য টুম্বা মাঞ্জী, আঞ্চলিক সমিতিৰ সদস্য বীৰেন হান্সদা, মংগল মুৰ্মু আৰু দীনেশ ৰায়কো গ্ৰেপ্তাৰ কৰা হয়।

কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাই চাৰিওজনকে জেৰা অব্যাহত ৰাখিছে। বুধবাৰে ঝাৰখণ্ডৰ আই জি (অপাৰেচন) নৰেন্দ্ৰ কুমাৰ সিঙে তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি নিশ্চিত কৰে। মিছিৰ বেছৰাই দীৰ্ঘদিন ধৰি নিৰাপত্তা সংস্থাসমূহৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। তেওঁ ঝাৰখণ্ড, বিহাৰ, ওড়িশা, আৰু ছত্তীশগড়ত সক্ৰিয় আছিল । নিৰাপত্তা বাহিনীক আক্ৰমণ, হত্যা, ধন দাবী, বিস্ফোৰণ আদি কেইবাটাও গুৰুতৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ আছে ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande