
ৰাঁচী, ২৯ জুলাই (হি.স.)। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় ঝাৰখণ্ডৰ বিজেপিৰ ৰাজ্যিক সভাপতি আদিত্য সাহুৱে। দুয়োগৰাকী নেতাই ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু সাংগঠনিক বিষয়ক লৈ আলোচনা কৰে।
সাহুৱে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দিকনিৰ্দেশনা লাভ কৰা বুলি কয়। এই তথ্য বুধবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া