
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। বুধবাৰে লোকসভাত উত্থাপন কৰা হয় জন্ম-মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) বিধেয়ক, ২০২৬। বিৰোধীৰ হুলস্থুলৰ মাজতে গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত উত্থাপন কৰে বিধেয়কখন। এই বিধেয়কখনৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে জন্ম আৰু মৃত্যুৰ ৰেকৰ্ড ডিজিটেলাইজ কৰাৰ লগতে ভুৱা নথি-পত্ৰ ৰোধ কৰা।
নতুন বিধানৰ অধীনত জন্ম-মৃত্যুৰ পঞ্জীয়নত পলম হোৱাৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্ৰযোজ্য হ’ব। যদি পঞ্জীয়নত এবছৰৰ পৰা দুবছৰ পলম হয়, তেন্তে জিলা দণ্ডাধীশ, মহকুমাধিপতি, বা কাৰ্যবাহী দণ্ডাধীশৰ লিখিত অনুমোদন বাধ্যতামূলক হ’ব। কিন্তু যদিহে পলম দুবছৰতকৈ অধিক হয় তেন্তে গোচৰটো পোনপটীয়াকৈ আদালতলৈ যাব, আৰু প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশৰ পিছতহে প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
এই আইনৰ অধীনত সমগ্ৰ দেশৰ জন্ম আৰু মৃত্যুৰ ৰেকৰ্ড কেন্দ্ৰীয় ডিজিটেল ডাটাবেছৰ সৈতে সংযুক্ত কৰা হ’ব। ইয়াৰ দ্বাৰা দেশৰ যিকোনো প্ৰান্তত সংঘটিত হোৱা জন্ম-মৃত্যুৰ তথ্য একে ঠাইতে অনলাইনত উপলব্ধ হ’ব। এই ডাটাবেছটো ভোটাৰ তালিকা, ৰেচন কাৰ্ড, পাছপ’ৰ্ট, আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ সৈতেও সংযোগ কৰা হ’ব। ১৮ বছৰ বয়সত এজন নাগৰিকৰ নাম স্বয়ংক্ৰিয়ভাৱে ভোটাৰ তালিকাত যোগ হ’ব। তদুপৰি মৃত্যুৰ সময়ত তেওঁলোকৰ নাম চৰকাৰী ৰেকৰ্ডৰ পৰা সহজেই আঁতৰাই পেলাব পাৰি। ইয়াৰ ফলত চৰকাৰী আঁচনিৰ অনিয়ম আৰু প্ৰৱঞ্চনামূলক সুবিধাসমূহ ৰোধ হ’ব।
নতুন আইন কাৰ্যকৰী হোৱাৰ পিছত জন্মৰ প্ৰমাণ পত্ৰখনেই হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। এতিয়ালৈকে স্কুলত নামভৰ্তি, ড্ৰাইভিং লাইচেন্স, বা চৰকাৰী চাকৰিৰ আবেদনৰ বাবে বিভিন্ন নথি-পত্ৰ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে এই বিধেয়কখন গৃহীত হোৱাৰ পিছত জন্মৰ প্ৰমাণ পত্ৰক বয়স আৰু পৰিচয় প্ৰমাণ কৰা একমাত্ৰ চৰকাৰী নথি হিচাপে গণ্য কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া