অসম বানঃ ০৭ খন জিলাৰ ৩,৩২,৬৩৯ জন লোক এতিয়াও ক্ষতিগ্ৰস্ত, আৰু ৭ টা মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ২৯ জুলাই (হি.স.)। ৰাজ্য়ৰ শেহতীয়া বানত উজনি অসমৰ চাৰিখন জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । এই জিলাকেইখনতে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে। ক্ষতিগ্ৰস্ত
असमः बाढ़ से क्षतिग्रस्त हुई खेती का दृश्य


গুৱাহাটী, ২৯ জুলাই (হি.স.)। ৰাজ্য়ৰ শেহতীয়া বানত উজনি অসমৰ চাৰিখন জিলাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । এই জিলাকেইখনতে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আছে। ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক সাহায্য দিয়াৰ লগতে মৃতকৰ পৰিয়াললৈ ₹৯ লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলৰ ৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে নিৰুদ্দেশ হোৱা ব্যক্তিসকলৰ সন্ধান নাপালে চৰকাৰে অচিৰেই তেওঁলোকক মৃত বুলি গণ্য কৰি তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব।

বানপানীৰ পানী ক্ৰমাগতভাৱে কমি আহিছে, যাৰ ফলত ঘৰ-দুৱাৰ আৰু বিদ্যালয় আঁঠুলৈকে বোকাৰে ভৰি পৰাৰ ফলত বাসিন্দাসকলৰ বাবে এক নতুন সমস্যাৰ সৃষ্টি হৈছে। মানুহে নিজৰ ঘৰলৈ উভতি যোৱাৰ চেষ্টা কৰিছে যদিও ভয়াৱহ পৰিস্থিতিয়ে তেওঁলোকক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য কৰাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যোৱা ২৮ জুলাইত প্ৰকাশ কৰা তথ্য অনুসৰি শিৱসাগৰ জিলাত আৰু ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যত এতিয়া বানপানীত মুঠ মৃত্যুৰ সংখ্যা ৭৫ জন হয়গৈ । অসমত এতিয়াও বিপদৰ চিহ্নৰ ওপৰেৰে বৈ আছে ধনশিৰি (নুমলীগড়) নদী। চৰকাৰে যুদ্ধৰ ভিত্তিত সকলো সাহায্য আৰু উদ্ধাৰ ব্যৱস্থা সক্ৰিয়ভাৱে ৰূপায়ণ কৰিছে।

বৰ্তমান শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও শোণিতপুৰ, আৰু কামৰূপ (মেট্ৰ')কে ধৰি ৭খন জিলা বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ আছে । সাতখন জিলাৰ ২১টা ৰাজহ বিভাগৰ মুঠ ৬২২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ মুঠ ৩,৩২,৬৩৯ জন লোক আৰু ৪৫,৩৪১.৯৮ হেক্টৰ কৃষিভূমি ডুব গৈছে।

ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলৰ বাবে ৮১টা সাহায্য শিবিৰ আৰু ৩৪টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি ১১৫টা সাহায্য শিবিৰ কাৰ্যকৰী কৰিছে। ৩২,৪৭৭ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে ১৬,৩১৪ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে।

শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পালে ৷ ইফালে চৰাইদেউ জিলাৰ ৬৯৭২টা, যোৰহাট জিলাৰ ২২১৮টা, শিৱসাগৰ জিলাৰ ৮০৯০০টাকে ধৰি মুঠ ৯০,০৯০টা জীৱ-জন্তু বানপানীৰ ফলত উটুৱাই লৈ যায়।

ইফালে ২৮ জুলাইলৈকে শিৱসাগৰ জিলাত বানপানীৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা জুপুৰী ঘৰৰ সংখ্যা ১৮৬টা বুলি জানিব পৰা গৈছে । শিৱসাগৰ জিলাত দুটা পকী ঘৰৰ ক্ষতিসাধন হৈছে । শিৱসাগৰ জিলাৰ মুঠ আংশিকভাৱে ক্ষতিগ্ৰস্ত কঁেচা ঘৰৰ সংখ্যা ৫৬০ টা । শিৱসাগৰ জিলাৰ মুঠ আংশিকভাৱে ক্ষতিগ্ৰস্ত পকা ঘৰৰ সংখ্যা ৫৮০ টা।

এছডিআৰএফ, সেনা/অৰ্ধসামৰিক বাহিনী, এনডিআৰএফ, ডিডিআৰএফ, বায়ুসেনা, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

ইফালে ৰাজ্য চৰকাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ১২৫টা চিকিৎসা দল মোতায়েন কৰে। ২১ খন নাওও উদ্ধাৰ অভিযানত নিয়োজিত হৈছিল। মুঠ দুজন লোকক উদ্ধাৰ কৰি নাৱেৰে সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়।

ৰাজ্য চৰকাৰে বানাক্ৰান্ত লোকসকলৰ মাজত চাউল (কুইণ্টলত): ৮৯.০৮৪, দালি (কুইণ্টলত): ১৫.৮৪, নিমখ (কুইণ্টলত): ৪.৭৪৫, সৰিয়হৰ তেল (লিটাৰত): ১৫৫১.৯৪০৪, গৰুৰ খাদ্য - ঘেঁহুৰ চাপৰ: ১১১২.৪২ আৰু গৰুৰ ঘাঁহ - ধানৰ মল (কুইণ্টলত): ২৫.১৫ বৰ্ণাত্য়ৰ মাজত বিতৰণ কৰে ।

বানপানীৰ ফলত পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে। চৰকাৰে ইয়াৰ মেৰামতিৰ বাবে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি অহৰহ পৰিস্থিতিৰ বুজ লৈছে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande