
গুৱাহাটী, ২৯ জুলাই (হি.স.)। ৰাজ্যত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত সোধা-পোছা কৰে, আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পূৰ্বে ফোনযোগে অসমৰ বৰ্তমানৰ বান পৰিস্থিতি আৰু চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে। তেওঁ সকলো স্তৰৰ পৰিস্থিতিৰ বুজ লয় আৰু তেওঁক আশ্বাস দিয়ে যে ভাৰত চৰকাৰে সাহায্য, পুনৰুদ্ধাৰ, আৰু পুনৰ নিৰ্মাণৰ বিষয়ত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াই যাব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে এই কঠিন সময়ত তেওঁ দৃঢ়তাৰে জোৰ দি কয় যে ইতিমধ্যে প্রেৰণ কৰা আন্তঃমন্ত্রালয়ৰ দলটোৰ উপৰিও সংশ্লিষ্ট কেন্দ্রীয় চৰকাৰৰ সংস্থাসমূহে অসমৰ জনসাধাৰণৰ স্বার্থত পূৰ্ণ সহযোগিতা আগবঢ়াব৷ এই দুৰ্যোগৰ সময়ত অসমবাসীৰ প্ৰতি আন্তৰিক সহানুভূতি, অবিৰত সমৰ্থন, আৰু দৃঢ় দায়বদ্ধতাৰ বাবে গৃহমন্ত্ৰীগৰাকীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া