কুলগামৰ বাগিচাত যুটীয়া অনুসন্ধান অভিযান, অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ
কুলগাম, ২৯ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ তন্ত্ৰিপোৰা-সুৰছানু বাগ অঞ্চলত বুধবাৰে যৌথ তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা লাভ কৰা নিৰ
কুলগামৰ বাগিচাত যুটীয়া অনুসন্ধান অভিযান, অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ


কুলগাম, ২৯ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ তন্ত্ৰিপোৰা-সুৰছানু বাগ অঞ্চলত বুধবাৰে যৌথ তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কুলগাম আৰক্ষী, ৩৪ ৰাষ্ট্ৰীয় ৰাইফলছ, আৰু চি আৰ পি এফৰ ১৮ নং বেটেলিয়নে তন্ত্ৰীপোৰা-সুৰছানু বাগ অঞ্চলত যৌথ তালাচী অভিযান চলাইছিল। তেওঁ উল্লেখ কৰে যে অভিযানৰ সময়ত যৌথ দলটোৱে অঞ্চলটোৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহ জব্দ কৰি অধিক তদন্ত অব্যাহত আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande