কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মুৰ পৰা ৰাওনা অমৰনাথ যাত্ৰীৰ ২০৫১ জনীয়া ২২ নং বেটচ
জম্মু, ২৯ জুলাই (হি.স.)। আজি পুৱা ২:৪৫ বজাত ৪৮খন বাছ, ৮খন মজলীয়া মটৰ গাড়ী, ২৫খন লঘু মটৰ গাড়ী, আৰু এখন দুচকীয়া বাহনকে ধৰি ৮২খন বাহনৰ কনভয়ত অমৰনাথ যাত্ৰাৰ ২২ নং বেটছ যাত্ৰা আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে ২০৫১
অমৰনাথ যাত্ৰা। ফটো: ইণ্টাৰনেট মিডিয়া


জম্মু, ২৯ জুলাই (হি.স.)। আজি পুৱা ২:৪৫ বজাত ৪৮খন বাছ, ৮খন মজলীয়া মটৰ গাড়ী, ২৫খন লঘু মটৰ গাড়ী, আৰু এখন দুচকীয়া বাহনকে ধৰি ৮২খন বাহনৰ কনভয়ত অমৰনাথ যাত্ৰাৰ ২২ নং বেটছ যাত্ৰা আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে ২০৫১ জনীয়া নতুন বেটচ জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজতে বুধবাৰে পুৱা বাল্টাল বেছ কেম্পলৈ ৰাওনা হয়।

এই বেটচত ১৫৭০ জন পুৰুষ তীৰ্থযাত্ৰী, ৩৬৯ জন মহিলা, দুজন শিশু, ৫৮ জন সাধু, ২১ জন সাধ্বী, এজন সাধু শিশু, আৰু ৩০ জন বিদেশী নাগৰিক (১৪ জন পুৰুষ আৰু ১৬ জন মহিলা) আছে। মেৰামতিৰ কামৰ বাবে পহলগাম পথৰ বাবে কোনো কনভয়ৰ দিন নিৰ্ধাৰিত হোৱা নাছিল বাবে সকলো তীৰ্থযাত্ৰী বাল্টাল পথেৰে যাত্ৰা কৰি আছে।

বিষয়াসকলে জনোৱা মতে, এই নতুন বেটচৰ যাত্ৰাৰ লগে লগে এইবাৰৰ যাত্ৰাৰ সময়ত জম্মু বেছ কেম্পৰ পৰা পবিত্ৰ গুহা মন্দিৰলৈ যোৱা মুঠ তীৰ্থযাত্ৰীৰ সংখ্যা ১,৩২,৪০৬ হ’ল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande