
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ লগে লগে সোমবাৰে পৰিবেশবিদ সোণম ৱাংচুকে পত্নী গীতাঞ্জলি আংমোৰ সৈতে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় ।
সোণম ৱাংচুকে সাংবাদিকৰ আগত কয়, আন্দোলন শেষ হোৱাৰ পিছত বাপুজীৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছিলো। শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰা সকলো দেশবাসীকো ধন্যবাদ জনাইছো। গান্ধীজীয়ে দেখুওৱা পথটো আজিও ১০০ বছৰৰ আগৰ দৰেই প্ৰাসংগিক আৰু শুদ্ধ বুলি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো। সেয়েহে আমি আমাৰ সংকল্প পূৰণৰ বাবে শান্তিপূৰ্ণভাৱে আহ্বান জনোৱা উচিত।
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত ৱাংচুকে কয় যে, মই আশা কৰিছো যে পদত্যাগ এবাৰ গ্ৰহণ কৰিলে ইয়াৰ ফলত ইতিবাচক ফলাফল আহিব আৰু দেশত অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হ'ব। সুস্থ আলোচনা আৰু পাৰস্পৰিক সন্মানৰ জৰিয়তেহে আমি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিম। সযতনে বিবেচনাৰ অন্তত দেশখনে নিজৰ বাবে সৰ্বোত্তম ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
উল্লেখযোগ্য যে দিল্লীৰ যন্তৰ মন্তৰত চিজেপিৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত ৱাংচুকে ২৬ দিন অনশন ৰাখিছিল, যিটো প্ৰায় ৩৭ দিন ধৰি চলিছিল। এই সময়ছোৱাত অসুস্থতাৰ বাবে তেওঁক ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয়। পিছত তেওঁক গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ৰ পৰা আজি তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।
নীট প্ৰশ্নকাকত ফাদিল হোৱাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ পিছত যোৱা শনিবাৰে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে। লগতে ভৱিষ্যতে এনে অনিয়ম ৰোধ কৰিবলৈ দেশৰ শিক্ষা আৰু পৰীক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ দাবী জনায় চিজেপিয়ে। এই দাবী সন্দৰ্ভত এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীসকলক কোনো আশ্বাস দিয়া নাই চৰকাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া