
শোণিতপুৰ, ২৭ জুলাই (হি.স.)। শোণিতপুৰ চাৰিদুৱাৰত এজন মটৰ চাইকেল চোৰক আটক চাৰিদুৱাৰ আৰক্ষীৰ। উদ্ধাৰ চুৰি হোৱা পালছাৰ মটৰ চাইকেল। শনিবাৰে নিশা বালিপৰা ৰেলেৱে ষ্টেচনৰ পৰা চুৰি হৈছিল এএছ ২৭জে ১৪৭৮ নম্বৰৰ এখন কলা ৰঙৰ পালছাৰ মটৰ চাইকেল।
চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা অভিযান চলাই চুৰি হোৱা মটৰ চাইকেল খন উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্য্যত জড়িত চৰিদুৱাৰৰ গড়মৰাৰ সাগৰ সোনাৰ নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চৰিদুৱাৰ আৰক্ষী থানাৰ এলেকাৰ পৰা বিগত বহুদিন ধৰি কেইবাখনো মটৰ চাইকেল চুৰি হৈ আছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা