
তামুলপুৰ, ২৭ জুলাই (হি.স.)। তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজি দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ২০২০ চনৰ ঐতিহাসিক বিটিআৰ চুক্তিৰ তাৎক্ষণিক কাৰ্যকৰীকৰণৰ দাবীত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।
ইয়াৰ ভিতৰত বিটিআৰৰ সীমা সম্প্ৰসাৰণ, ২০১৯ চনৰ ১২৫ নং সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ সংশোধন, বি.কে.ডব্লিউ.এ.চিত অতিৰিক্ত গাঁওসমূহৰ তাৎক্ষণিক অন্তৰ্ভুক্তি আৰু বিলম্ব নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক এছটি-হিলচ-ৰ মৰ্যাদা প্ৰদান কৰা, শিক্ষক নিযুক্তি, পাঠ্যপুথি যোগান আৰু শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰাকে ধৰি বড়ো মাধ্যমৰ শিক্ষাখণ্ডৰ সকলো সমস্যাৰ সমাধান কৰা, বনাঞ্চত বসবাস কৰা লোক সকলৰ ন্যায়সংগত অধিকাৰ সুৰক্ষিত কৰিবলৈ ২০০৬ চনৰ বনাঞ্চল অধিকাৰ আইনৰ সম্পূৰ্ণ কাৰ্যকৰীকৰণ কৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা অনুসূচিত জনজাতিৰ শিক্ষাৰ্থী সকলৰ বৃত্তিৰ ধন তৎকালীনভাৱে মুকলি কৰি দিয়াৰ দাবী উল্লেখযোগ্য।
এবছুৰ তামুলপুৰ জিলা কমিটিয়ে আয়োজন কৰা এই গণতান্ত্ৰিক প্ৰতিবাদত বহুসংখ্যক কৰ্মীৰ লগতে তামুলপুৰ জিলা বড়ো সাহিত্য সভা ,ট্ৰাইবেল সংঘৰ সদস্য সকলে অংশগ্ৰহণ কৰি চৰকাৰক অতি সোনকালে এই দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনায় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা