
যোৰহাট, ২৭ জুলাই (হি.স.)। আজি চিপিআইএমএল ৰ অসম ৰাজ্যিক সম্পাদক বিবেক দাস টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়। বানাক্ৰান্ত ৰাইজক বান সাহাৰ্য প্ৰদান কৰি তেওঁলোকৰ দুখত দুখ মৰ্মাহত হৈ কেতবোৰ মন্তব্য প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে।
এই দুৰ্যোগ কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়,এয়া এক মানৱ সৃষ্ট দুৰ্যোগ বুলি অভিযোগ তুলিছে বিবেক দাসে। বৰ্হি ৰাজ্যত অবৈধ কয়লাখনন, বন ধ্বংসৰ বাবে এই দুৰ্যোগ সংঘটিত হৈছে বুলি মন্তব্য।
লগতে অসমত ব্যৱসায় কৰা টাটা,আদানী,আম্বানী,অ এন জি চিৰ দৰে বহুজাতিক কোম্পানীসমূহৰ চি এছ আৰ ফান্দ কিয় এই পৰ্যন্ত অসমৰ বানপানীৰ বাবে ঘোষণা কৰা নাই তাক লৈও প্ৰশ্ন উত্থাপন সম্পাদকগৰাকীৰ।
এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈও প্ৰশ্ন তুলিছে বিবেক দাসে। লগতে ৰাজ্যৰ বিধায়ক,সাংসদক এক দুমাহৰ দৰমহা ৰাইজৰ বাবে আগবঢ়াবলৈ জনালে আহ্বান।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু