
লক্ষীমপুৰ, ২৭ জুলাই (হি.স.)। প্ৰাথমিক শিক্ষা হৈছে প্ৰতিগৰাকী বিদ্যাৰ্থীৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম আৰু প্ৰাৰম্ভিক স্তৰ। এই পৰ্যায় এগৰাকী শিশুৰ পঢ়া-লিখা, গণনা, ভাষা, সামাজিক মূল্যবোধ আৰু জীৱনৰ মৌলিক দক্ষতা আহৰণ কৰাৰ উপযুক্ত সময় । আনুষ্ঠানিক পুথিগত জ্ঞান অর্জনৰ সমান্তৰালভাৱে শিশুৰ বৌদ্ধিক, শাৰীৰিক, মানসিক আৰু সামাজিক উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এই সময়ছোৱাত শিশু শিক্ষাৰ্থীসকলক সঠিক আৰু পৰিশুদ্ধ জ্ঞানেৰে আলোকিত কৰিব পাৰিলে এখন সৃজনশীল, নৈতিক মূল্যবোধ সম্পন্ন সুস্থ শৃংখলিত সমাজ গঠনৰ পথ প্ৰশস্ত হয় ।
মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে সোমবাৰে এই মন্তব্য কৰে । সংগঠনৰ পুৱ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগত ইন্দুৰ গাঁৱত অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কয় কেন্দ্ৰীয় নেতা পেগুৱে।
যোগীসুঁতি মিৰি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থী সকলৰ বাবে বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ । সোমবাৰে এই শিবিৰৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰে পূব ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জাতীয় সংগঠন এম এম কেৰ ঢকূৱাখনা জিলা সমিতিৰ সম্পাদক অমৃত দলেয়ে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী