আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহনন
গুৱাহাটী, ২৭ জুলাই(হি.স.)। আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহননৰ ঘটনা । শ্ৰেণী কোঠা থকা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ছাত্ৰ গৰাকীয়ে । ছাত্ৰজনৰ নাম ৰিতেশ ৰাজ সিং (১৯) ঘৰ উৰিষ্যাৰ পুৰি জিলাত । ৰিতেশ সিং (বি-টেক) তৃতীয় বৰ্ষ
আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহনন


গুৱাহাটী, ২৭ জুলাই(হি.স.)। আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহননৰ ঘটনা । শ্ৰেণী কোঠা থকা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ছাত্ৰ গৰাকীয়ে । ছাত্ৰজনৰ নাম ৰিতেশ ৰাজ সিং (১৯) ঘৰ উৰিষ্যাৰ পুৰি জিলাত । ৰিতেশ সিং (বি-টেক) তৃতীয় বৰ্ষৰ ছাত্ৰ ।

ব্ৰহ্মপুত্ৰ হোষ্টেলৰ আৱাসিক আছিল ৰিতেশ ।

ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। ইতিমধ্যে নিহত ছাত্ৰ জনৰ উৰিষ্যাৰ ঘৰত খবৰ প্ৰেৰণ কৰা হৈছে।পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পিছতে মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰা হব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande