কমনৱেলথ গেমছঃ অভিষেক ঘটাই পুৰুষৰ লং জাম্পৰ ফাইনেলত মুৰালী শ্ৰীশংকৰ
গ্লাছগো, ২৭ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ তাৰকা এথলীট মুৰালী শ্ৰীশংকৰে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ লং জাম্পৰ ফাইনেলত স্থান নিশ্চিত কৰে । বাৰ্মিংহাম ২০২২ৰ ৰূপৰ পদক বিজয়ী শ্ৰীশংকৰে সোমবাৰে অৰ্হতা ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাত ৮.০১ মিটা
मुरली श्रीशंकर


গ্লাছগো, ২৭ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ তাৰকা এথলীট মুৰালী শ্ৰীশংকৰে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ লং জাম্পৰ ফাইনেলত স্থান নিশ্চিত কৰে । বাৰ্মিংহাম ২০২২ৰ ৰূপৰ পদক বিজয়ী শ্ৰীশংকৰে সোমবাৰে অৰ্হতা ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাত ৮.০১ মিটাৰ জাম্প কৰি ফাইনেলত প্ৰত্যক্ষ প্ৰৱেশ নিশ্চিত কৰে ।

পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ খেলুৱৈসকলে ৮.০০ মিটাৰ বা তাতকৈ অধিক জঁপিয়াবলগীয়া হৈছিল। ২৭ বছৰীয়া শ্ৰীশংকৰে প্ৰথম প্ৰচেষ্টাতে ৮.০১ মিটাৰ ক্লিয়াৰ কৰি এই লক্ষ্যত উপনীত হয়, যাৰ বাবে কোনো অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন হোৱা নাছিল।

অৰ্হতা গ্ৰুপ এত শ্ৰীশংকৰে প্ৰথম স্থান দখল কৰি জামাইকাৰ জৰ্ডান টাৰ্নাৰ (৭.৮০ মিটাৰ)ত কৈ আগবাঢ়ি যায়। যদি তেওঁ ৮.০০ মিটাৰৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন তেন্তে দুয়োটা গ্ৰুপৰ সংযুক্ত ফলাফলত শীৰ্ষ ১২ ৰ ভিতৰত স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিলেহেঁতেন।

এতিয়া শ্ৰীশংকৰে ২৯ জুলাই বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ফাইনেলত চকু ৰাখিব, য’ত তেওঁ কমনৱেলথ গেমছৰ প্ৰথমটো স্বৰ্ণ পদকৰ বাবে প্ৰত্যাহ্বান জনাব।

মন কৰিবলগীয়া যে ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছতো শ্ৰীশংকৰে ৮.০৫ মিটাৰ জঁপিয়াই অৰ্হতা ৰাউণ্ডত শীৰ্ষস্থান দখল কৰে। কিন্তু ফাইনেলত তেওঁ ৮.০৮ মিটাৰ জপিয়াই বাহামাৰ লাকুয়ান নাইৰ্নক টাই কৰাৰ পিছতো দ্বিতীয় শ্ৰেষ্ঠ প্ৰচেষ্টাৰ ভিত্তিত ৰূপৰ পদকত সন্তুষ্ট হ’বলগীয়া হয়। এইবাৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে সোণৰ পদকেৰে সেই আধৰুৱা যাত্ৰা সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰিব।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande