কমনৱেলথ গেমছ ২০২৬: শচীন ছিৱাচে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, লং জাম্প আৰু পেৰা ছুইমিঙত ভাৰতৰ সফলতা
গ্লাছগো, ২৭ জুলাই (হি.স.): কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। সোমবাৰে পুৰুষৰ ৬০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি বক্সাৰ শচীন ছিৱাচে পদক লাভৰ এখোজ ওচৰ চাপিছে। এথলেটিকছত মুৰালী শ্ৰীশংকৰ আৰু লোকেশেও পুৰুষৰ ল
मुक्केबाज सचिन सिवाच


গ্লাছগো, ২৭ জুলাই (হি.স.): কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। সোমবাৰে পুৰুষৰ ৬০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি বক্সাৰ শচীন ছিৱাচে পদক লাভৰ এখোজ ওচৰ চাপিছে।

এথলেটিকছত মুৰালী শ্ৰীশংকৰ আৰু লোকেশেও পুৰুষৰ লং জাম্প ফাইনেলত যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে পেৰা ছুইমিংত স্বস্তিক পাটিলে পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’ক এছ বি ৯ৰ ফাইনেলত প্ৰৱেশ কৰে।

প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শচীন ছিৱাচে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই প্ৰথম দুটা ৰাউণ্ডত ৪-১ ব্যৱধানত জয়লাভ কৰে। অন্তিম ৰাউণ্ডতো তেওঁ শক্তিশালী পাঞ্চ লণ্ড কৰি ৪-১ ত বিভাজিত সিদ্ধান্ত লাভ কৰি শেষৰ আঠলৈ আগবাঢ়ি যায়। ইয়াৰ পূৰ্বে ৩২ ৰাউণ্ডত কানাডাৰ কেওমা আল আহমেদিয়াক ৪-১ ৰ বিভাজিত সিদ্ধান্তৰে পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। এতিয়া পদক লাভ কৰিবলৈ মাত্ৰ এটা জয়ৰ বাকী আছে শচীন।

পুৰুষৰ লং জাম্প ইভেণ্টত ভাৰতে দুগুণ সফলতা অৰ্জন কৰে। মুৰালী শ্ৰীশংকৰে প্ৰথম প্ৰচেষ্টাত ৮.০১ মিটাৰ জঁপিয়াই পোনপটীয়াকৈ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। ইফালে লোকেশে ৭.৭৭ মিটাৰ বেষ্ট জাম্প কৰি সপ্তম স্থান দখল কৰি ফাইনেলত শীৰ্ষ ১২ৰ ভিতৰত স্থান লাভ কৰে। এতিয়া পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে।

পেৰা ছুইমিংত স্বস্তিক পাটিলে ১ মিনিট ১৫.৮৫ ছেকেণ্ড সময় দখল কৰি পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’ক এছ বি ৯ ইভেণ্টৰ দ্বিতীয় হিটত চতুৰ্থ স্থান দখল কৰে। দুয়োখন হিটৰ সংযুক্ত ফলাফলত তেওঁ অষ্টম স্থান দখল কৰি শীৰ্ষ আঠজন সাঁতোৰবিদৰ ভিতৰত স্থান নিশ্চিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।

কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ ধাৰাবাহিকভাৱে শক্তিশালী প্ৰদৰ্শনে দেশৰ পদক অভিযানক শক্তিশালী কৰি তুলিছে, আৰু ভাৰতৰ পদক লাভৰ আশা এতিয়া কেইবাটাও ইভেণ্টত বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande