কাৰ্বি আংলং জিলাৰ লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
কাৰ্বি আংলং, ২৭ জুলাই (হি.স.)। নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত প্ৰতিবাদ। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ। কাৰ্বি আংলং জিলাৰ লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ২
কাৰ্বি আংলং জিলাৰ লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট


কাৰ্বি আংলং, ২৭ জুলাই (হি.স.)। নিখিল বড়ো ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট।

বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত প্ৰতিবাদ।

অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ।

কাৰ্বি আংলং জিলাৰ লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ২০২০ চনৰ বি টি আৰ চুক্তি ৰূপায়ণৰ দাবীত উক্ত প্ৰতিবাদ সাব্য়স্ত।

২০২০ (বিটিআৰ চুক্তি) তৎকালীনভাৱে আৰু সম্পূৰ্ণৰূপে ৰূপায়ণৰ দাবীত কাৰ্বি আংলং জিলা এবচুৱে গ্ৰহণ কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সোমবাৰে কাৰ্বি আংলঙৰ লাংহিন নগৰত ১১:০০ বজাৰ পৰা ১:০০ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

হাতে হাতে প্লেকাৰ্ড লৈ

অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদকাৰী সকলে বিটিআৰ চুক্তিৰ মুখ্য চৰ্তসমূহ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে বিটিআৰ চুক্তিৰ সঠিক ৰূপায়ণ আৰু যি সমুহ সমস্যা আছে সমাধান নহ’লে কাৰ্বি আংলং এবছুৱে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে। চৰকাৰে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande