
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ ত ৰূপৰ পদক লাভ কৰা ৰাজা মুথুপাণ্ডীলৈ সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সত লিখিছে, কমনৱেলথ গেমছ ২০২৬ ত পুৰুষৰ ৬৫ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে ৰাজা মুথুপাণ্ডীক আন্তৰিকতাৰে অভিনন্দন জনাই কয় যে, 'আপোনাৰ এই কৃতিত্বৰ বাবে দেশ গৌৰৱান্বিত। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মই আপোনাক শুভেচ্ছা জনাইছো।'
উল্লেখযোগ্য যে ভাৰতীয় ভাৰোত্তোলক মুথুপাণ্ডীয়ে কমনৱেলথ গেমছত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ ৬৫ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰে। শনিবাৰৰ প্ৰতিযোগিতাত মুথুপাণ্ডীয়ে মুঠ ২৮৬ কেজি ওজন তুলি দ্বিতীয় স্থান দখল কৰি ভাৰতে গেমছৰ দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ