
শ্ৰীভূমিৰ, ২৭ জুলাই (হি.স.)। শ্ৰীভূমিৰ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰিত জব্দ বুজন পৰিমাণৰ এচকপ ছিৰাপ । কণীৰ বাকচত লুকুৱাই অনা হৈছিল তিনি কোটি টকা মূল্যৰ এককফ ছিৰাপখিনি ।
জানিব পৰা মতে ইউ কে ৫৩ ই টি ৭১৮১ নম্বৰৰ এখন চৌদ্দ চকীয়া ট্ৰাকৰ ভিতৰত কণীৰ কাৰ্টুনৰ আৰত লুকুৱাই আনিছিল এসকফ খিনি । ৪২২ খন কাৰ্টুনৰ ভিতৰত ৩১৬৫০ বটল নিষিদ্ধ কডিন যুক্ত কফ ছিৰাপ। ৰাঁচীৰ পৰা অসম হৈ ত্ৰিপুৰা লৈ যোৱাৰ পিছত ইয়াৰ পৰা চুবুৰীয়া বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি বিভিন্ন সূত্ৰৰে জানিব পৰা গৈছে। কিয়নো গোন্ধ নথকা এই চিৰাফ সমূহ বাংলাদেশত নিচা হিচাবে ব্যবহাৰ কৰা হয় । ইপিনে সামগ্ৰিখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে । আনফালে ত্ৰিশ হেজাৰ টকাৰ বিনিময়ত অহা গাড়ি খনৰ চালক পশ্চিমবংগৰ বীৰভূম জিলাৰ বাসিন্দা ছালাম আনচাৰিক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে ইতিমধ্য নিজাববীয়া গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু