
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত সংঘটিত প্ৰতিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে শান্তিপূৰ্ণভাৱে আৰু আইনৰ পৰিসৰৰ ভিতৰত প্ৰতিজন নাগৰিকে প্ৰতিবাদ কৰাৰ সাংবিধানিক অধিকাৰ আছে। কেৱল প্ৰতিবাদ চলি আছে বুলিয়েই আৰক্ষীয়ে লাঠী চালনা বা অত্যধিক শক্তিৰ আশ্ৰয় ল’ব নোৱাৰে।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদি আৰক্ষীয়ে অতিমাত্ৰা কৰিছে তেন্তে নিৰপেক্ষ তদন্ত হ’ব লাগে। সমগ্ৰ দেশতে প্ৰতিবাদ চম্ভালিবলৈ একেধৰণৰ নিৰ্দেশনা স্থাপন কৰিব লাগে । বিচাৰপীঠৰ আন এজন সদস্য ন্যায়াধীশ বাগচিয়ে কয় যে, ছাত্ৰ-ছাত্ৰী হওক বা আৰক্ষীয়েই হওক, আমি দুয়োৰে বাবে চিন্তিত। চৰকাৰক প্ৰশ্ন কৰা উচিত যে হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীক কিয় হেলমেট আৰু অন্যান্য প্ৰয়োজনীয় সুৰক্ষা সঁজুলিৰ ব্যৱস্থা কৰা নহ'ল।
২০ জুলাইত সংসদ পদযাত্ৰাৰ সময়ত দিল্লীৰ কেইবাটাও স্থানত প্ৰতিবাদকাৰী আৰু দিল্লী আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । আবেদনখনত উল্লেখ কৰা হৈছে যে বিক্ষোভৰ সময়ত আৰক্ষীয়ে কেইবাটাও স্থানত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য্যৰ আশ্ৰয় লয়। দিল্লী আৰক্ষীয়ে কেইবাটাও স্থানত লাঠি-চাৰ্জ আৰু কন্দুৱা গেছৰ আশ্ৰয় লয় । এই বিষয়ত কন’ট প্লেচ থানা, পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানা, আৰু অন্যান্য আৰক্ষী থানাত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ