
নগাঁও, ২৭ জুলাই (হি.স.)। একেৰাহে ২৪ ঘণ্টা শাস্ত্ৰীয় নৃত্যশৈলী পৰিবেশন কৰি গোল্ডেন বুকছ অৱ ৱাৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিলে ৰহাৰ যুৱতী তুষ্টিমনা নাথে৷
ৰহাৰ মেটেকাৰ শিক্ষক মানিক নাথৰ কন্যা তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰী তুষ্টিমনাই ২৪ঘণ্টা অবিৰতভাৱে ভাৰতনাট্যম, কুচিপুড়ি, কথক, মোহিনী নাট্যম, সত্ৰীয়া আৰু ওডিচী নৃত্য পৰিবেশন কৰি এই কৃতিত্ব অৰ্জন কৰে৷ দেওবাৰে পুৱা ৮বজাৰ পৰা সোমবাৰে পুৱা ৮বজালৈ একেৰাহে এই নৃত্যসমূহ পৰিবেশন কৰি তুষ্টিমনাই নিজৰ নাম লিপিবদ্ধ কৰালে গোল্ডেন বুকছ অৱ ৱাৰ্ল্ড ৰেকৰ্ডছত৷ তুষ্টিমনাৰ এই অভিলেখ গঢ়াৰ কাৰ্যসূচীত উপস্থিত থাকে গোল্ডেন বুকছ অৱ ৱাৰ্ল্ড ৰেকৰ্ডছৰ এছিয়াৰ প্ৰধান মনিষ বিষ্ণই আৰু অভিলেখ গঢ়াৰ অন্তত তুষ্টিমনাক প্ৰদান কৰে গোল্ডেন বুকছ অৱ ৱাৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা