
কোকৰাঝাৰ, ২৭ জুলাই (হি.স.)। কোকৰাঝাৰত এবছুৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷বিটিআৰ শান্তি চুক্তি ২০২০ৰ প্ৰতিটো দফা ৰূপায়ণ সহ বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে এবছুৱে দুঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যান প্ৰাংগনত ৰূপায়িত হোৱা ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে এবছুৰ কেন্দ্ৰীয় সভাপতি খৌৰমদাও ৱাৰীয়ে ৷
প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে এবছুই ২০২০ত সম্পাদিত বিটিআৰ শান্তি চুক্তি অনুসৰি বিটিআৰৰ চাৰিসীমা বৃদ্ধি কৰা আৰু বড়ো মাধ্যমৰ বিভিন্ন শৈক্ষিক সমস্যা সমাধান সহ বিভিন্ন দাবী পুৰণ কৰাৰ দাবী জনাইছে ৷আনহাতে এবছুৰ দাবীসমূহ পুৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বড়োলেণ্ড দাবীৰ আন্দোলন পুনৰ আৰম্ভ কৰাৰ লগতে ৰাজপথ, ৰেলপথ অৱৰোধ কৰিবলৈ বাধ্য হব বুলি এবছুৰ সভাপতি খৌৰমদাও ৱাৰীয়ে হুংকাৰ প্ৰদান ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ