দেশজুৰি নিৰ্বাচিত ১৩,০৯২ খন পি এম এছ আৰ আই বিদ্যালয়, আঞ্চলিক ভাষাৰ বাবে নিযুক্তি ৯,১৫২ গৰাকী শিক্ষক
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰীৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (পি এম এছ আৰ আই বা পিএম শ্ৰী) আঁচনিৰ অধীনত সমগ্ৰ দেশতে এতিয়ালৈকে ১৩,০৯২খন বিদ্যালয় বাছনি কৰা হৈছে। এই বিদ্যালয়সমূহত সংস্কৃত, উৰ্দু, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ পাঠদানৰ বাবে বৃ
দেশজুৰি নিৰ্বাচিত ১৩,০৯২ খন পি এম এছ আৰ আই বিদ্যালয়, আঞ্চলিক ভাষাৰ বাবে নিযুক্তি ৯,১৫২ গৰাকী শিক্ষক


নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰীৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া (পি এম এছ আৰ আই বা পিএম শ্ৰী) আঁচনিৰ অধীনত সমগ্ৰ দেশতে এতিয়ালৈকে ১৩,০৯২খন বিদ্যালয় বাছনি কৰা হৈছে। এই বিদ্যালয়সমূহত সংস্কৃত, উৰ্দু, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ পাঠদানৰ বাবে বৃহৎ সংখ্যক শিক্ষক নিযুক্তি দিয়া হৈছে। আঞ্চলিক ভাষাৰ বাবে ৯,১৫২, সংস্কৃতৰ বাবে ৬,১০২, আৰু উৰ্দুৰ বাবে ১,৯৯৪ শিক্ষক নিযুক্তি দিয়া হৈছে।

সোমবাৰে লোকসভাত লিখিত উত্তৰত শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে পি এম এছ আৰ আই হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলি থকা আঁচনি যাৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ ১৪,৫০০ৰো অধিক বিদ্যালয়ক ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)-২০২০ৰ সৈতে সংগতি ৰাখি আধুনিক, সৰ্বাংগীন, আৰু আৰ্হি বিদ্যালয়লৈ উন্নীত কৰা।

মন্ত্ৰীগৰাকীৰ মতে, নিৰ্বাচিত পি এম শ্ৰী বিদ্যালয়সমূহৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ লগতে কেন্দ্ৰীয় বিদ্যালয় সংগঠন (কেভিএছ), নবোদয় বিদ্যালয় সমিতি (এনভিএছ), আৰু এনচিইআৰটিৰ সৈতে জড়িত বিদ্যালয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

ৰাজ্যভিত্তিক তথ্য অনুসৰি উত্তৰ প্ৰদেশত নিৰ্বাচিত পি এম শ্ৰী বিদ্যালয়ৰ সংখ্যা সৰ্বাধিক ১৮৮৮ খন, তাৰ পিছতে অন্ধ্ৰপ্ৰদেশত ৯৮২ খন, মহাৰাষ্ট্ৰত ৯৪৬ খন, মধ্যপ্ৰদেশত ৯৪৪ খন, বিহাৰত ৯০৪ খন, ওড়িশাত ৮৪০ খন, আৰু তেলেংগানাত ৮৩২ খন।

ভাষা শিক্ষক নিযুক্তিৰ তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত আঞ্চলিক ভাষা শিক্ষকৰ সংখ্যা সৰ্বাধিক ২,১৪২, তাৰ পিছতে তেলেংগানাত ১,৬৬৬, কৰ্ণাটক ১,১১৫, আৰু পঞ্জাৱত ৯২২ জন ।সংস্কৃত শিক্ষকৰ সংখ্যা মধ্যপ্ৰদেশত ১২১১, ৰাজস্থানত ৭৬৮, ওড়িশাত ৭৩৮, আৰু বিহাৰত ৭৩৬ জন, আনহাতে উৰ্দু শিক্ষকৰ ভিতৰত বিহাৰ (৬৯১), উত্তৰ প্ৰদেশ (৩৫১), আৰু জম্মু-কাশ্মীৰ (৩২৩) জনক নিযুক্তি দিয়া হৈছে।

চৰকাৰে কয় যে পি এম শ্ৰী আঁচনিৰ উদ্দেশ্য হৈছে গুণগত শিক্ষা, আধুনিক আন্তঃগাঁথনি, ডিজিটেল সা-সুবিধা, বিদ্যালয়ত মাতৃভাষা আৰু ভাৰতীয় ভাষাৰ প্ৰসাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande