
দৰং, ২৭ জুলাই (হি.স.)। মঙলদৈত অঘটন।
মঙলদৈ নদীত গা ধুব গৈ নিখোজ হল দুই কিশোৰ।
সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ দুই কিশোৰ এতিয়াও সন্ধানহীন।
সমনীয়াৰ সৈতে নদীত গা ধুব আহিছিল দুয়ো কিশোৰ।
মঙলদৈ ৫ নং ৱাৰ্ডৰ প্ৰদীপ মণ্ডল আৰু ৰাজু মণ্ডলৰ দুই পুত্ৰ সঞ্জীৱ আৰু ঋত্বিক।
খবৰ পোৱা মাত্ৰকে এছ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ অনুসন্ধান চলাইছে যদিও এতিয়াও কোনো সন্ধান লাভ নাই। উল্লেখযোগ্য যে জিলা খনত এছ ডি আৰ এফ ৰ এজনো ডুবাৰু নোহোৱাত ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা