

ইম্ফল, ২৭ জুলাই (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান চলাই ইম্ফল পূৱ জিলাত ২৯ টা অস্ত্ৰ-শস্ত্ৰ, বৃহৎ পৰিমাণৰ গুলী, বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে । চুৰাচান্দপুৰ জিলাত এক সুকীয়া অভিযানত ২.৫ কেজি সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী মুখ্য কাৰ্যালয়ে সোমবাৰে এক আনুষ্ঠানিক বিবৃতিত কয় যে, দেওবাৰে সন্ধিয়া প্ৰায় ৬:১৫ বজাত ৱাখা চিং অঞ্চলত অস্ত্ৰধাৰী অপৰাধীৰ উপস্থিতিৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত ৬নং ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (আই আৰ বি) আৰু বিশেষ কমাণ্ডো ইউনিটৰ এটা দলে যৌথভাৱে অনুসন্ধান অভিযান আৰম্ভ কৰে । এই অভিযানৰ নেতৃত্বত ৬ নং আই আৰ বিৰ কমাণ্ডেণ্ট তথা বিশেষ কমাণ্ডো ইউনিটৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ এছ ইবোমচা সিং (আই পি এছ) উপস্থিত থাকে ।
তালাচীৰ সময়ত ৱাখা পাহাৰৰ শ্বেলয় লংমাই কম্পোজিট ফাৰ্মৰ সন্মুখত থকা বনাঞ্চলৰ পৰা চাৰিটা সন্দেহজনক প্লাষ্টিকৰ বেগ উদ্ধাৰ কৰা হয়। ৫টা এছ এল আৰ ৰাইফল, চাৰিটা ইনছাছ ৰাইফল, দুটা এ কে ঘটক ৰাইফল, এটা ইনছাছ এল এম জি, ছটা .৩০৩ ৰাইফল, তিনিটা ডাবল বেৰেল গান, ৭টা চিংগল বেৰেল গান আৰু এটা পাম্প-একচন গানকে ধৰি মুঠ ২৯টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ উপৰিও এটা লেথড বোমা, .৩০৩ ৰাইফলৰ বাবে ৫৩০ টা লাইভ কাৰ্টিজ, ৭.৬২ এছ এল আৰৰ বাবে ৬৪ টা কাৰ্টিজ, ইনছাছৰ বাবে ১৯ টা কাৰ্টিজ, ৫.৫৬ কাৰ্বাইনৰ বাবে ছটা কাৰ্টিজ, ৪০ টা ড্ৰিল কাৰ্টিজ, .৩০৩ ৰাইফলৰ বাবে ১৭ টা চাৰ্জাৰো উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে ।
আন এক অভিযানত মণিপুৰ আৰক্ষীয়ে চুৰাচান্দপুৰ জিলাৰ টুইবং অঞ্চলৰ পৰা লেটমিণ্টগাং হাওলাই (৩৩)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত ২.৫ কেজি সন্দেহযুক্ত ব্ৰাউন চুগাৰ আৰু এখন দুচকীয়া বাহন উদ্ধাৰ কৰা হৈছে। অধিক তদন্ত অব্যাহত আছে।
--------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ