
বৰপেটা, ২৭ জুলাই (হি.স.)। কলগাছিয়াৰ তাৰাকান্দিত বেকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা মোনছেৰ আলীৰ মৃতদেহ উদ্ধাৰ।
কলগাছিয়াৰ মইনবড়ী আৰক্ষী চকীৰ অন্তৰ্গত তাৰাকান্দি গাঁৱত বেকী নদীত মাছ মাৰিবলৈ গৈ যোৱা শনিবাৰে নদীৰ সোঁতত সন্ধানহীন হৈছিল তাৰাকান্দি গাঁৱৰ বাসিন্দা মোনছেৰ আলী (৪০) নামৰ ব্যক্তিজন। ঘোঁৰা গাড়ী চলাই পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ মোনছেৰ আলীয়ে মাছেৰে এসাঁজ ভাত খাম বুলি মাছলৈ গৈছিল ওচৰতে থকা বেঁকী নদীত। কিন্তু দূৰ্ভাগ্যবসত নদীৰ সোঁতে উটুৱাই নিয়ে মোনছেৰ আলীক। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল লোকজন। পিছত বৰপেটাৰ এছ ডি আৰ এফ বাহিনীয়ে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰিব পৰা নাছিল। আজি পুৱাৰ ভাগত হাপাচৰ গাঁৱত স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। দৰিদ্ৰ পৰিয়ালটোলৈ চৰকাৰক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা