
বৰপেটা, ২৭ জুলাই (হি.স.)। কলগাছিয়াত অসম কেডেট কৰ্পছৰ প্ৰতিষ্ঠা দিৱস উদযাপন। তিনি দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীক দিয়া হয় প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সৰাৰ প্ৰশিক্ষণ।
এক উলহ মালহেৰে উদযাপিত হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। অসমৰ ৰাজ্যিক পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী শিক্ষামূলক অনুষ্ঠান 'অসম কেডেট কৰ্পছ' চমুকৈ এচিচি ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত। প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ২৫ জুলাইৰ পৰা আৰম্ভ হোৱা তিনি দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। তদুপলক্ষে বিয়লিত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা।
লগতে নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কেক কাটি উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস। অসমৰ প্ৰায় ১২ খন জিলাৰ কেইবা হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই স্বেচ্ছাসেৱী সংগঠনৰ লগত জড়িত হৈ আছে। আজি তাৰে ৭ খন জিলাৰ পৰা প্ৰায় ২৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰশিক্ষণ শিবিৰটোত। অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰী সকলক নৈতিক আৰু অনুশাসনমূলক শিক্ষা, শাৰীৰিক আৰু মানসিক শিক্ষা প্ৰদান কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে বুলি এ ছি ছিৰ ৰাজ্যিক সভাপতি ডঃ ইফতিকাৰ আলী আহমেদে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু