
শিৱসাগৰ, ২৭ জুলাই (হি.স.)। উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে বৃহৎ কৰ্প'ৰেট প্ৰতিষ্ঠান সমূহৰ ভূমিকা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই বান দুৰ্যোগৰ সময়ত আদানী, টাটা আৰু ৰামদেৱৰ দৰে প্ৰতিষ্ঠান সমূহক লক্ষ্য কৰি সমালোচনা কৰে।
কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, উজনি অসমৰ বান দুৰ্যোগৰ সময়ত অসমৰ মাটি আৰু বজাৰত ব্যৱসায়িক প্ৰভাৱ বিস্তাৰ কৰা বৃহৎ কৰ্প'ৰেট প্ৰতিষ্ঠান সমূহৰ উপস্থিতি বা সহায়-সহযোগিতা দেখা নগ'ল। তেওঁৰ ভাষ্য অনুসৰি, এনে দুৰ্যোগৰ সময়ত স্থানীয় জনসাধাৰণৰ কাষত থিয় দিয়া সামাজিক দায়িত্বৰ অংশ হ'ব লাগে। লগতে তেওঁ মন্তব্য কৰে যে এই বিষয়টো অসমৰ ৰাইজে মনত ৰখা উচিত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু