এম ভি ওমৰফিৰ ওপৰত আক্ৰমণক লৈ ভাৰতৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক তলব, তীব্ৰ উদ্বেগ প্ৰকাশ
নতুন দিল্লী, ২৭ জুলাই (হি.স.)। ভাৰতে সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ড০ অলেকজেণ্ডাৰ পলিছচুকক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি আনি বাণিজ্যিক জাহাজ এম ভি ওমৰফিত হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। বৈদেশিক
এম ভি ওমৰফিৰ ওপৰত আক্ৰমণক লৈ ভাৰতৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক তলব, তীব্ৰ উদ্বেগ প্ৰকাশ


নতুন দিল্লী, ২৭ জুলাই (হি.স.)। ভাৰতে সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ড০ অলেকজেণ্ডাৰ পলিছচুকক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি আনি বাণিজ্যিক জাহাজ এম ভি ওমৰফিত হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱা ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰদূতগৰাকীক মন্ত্ৰালয়লৈ মাতি অনা হৈছিল, য’ত ভাৰতে বাণিজ্যিক জাহাজত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। মন্ত্ৰালয়ে কয় যে এনে আক্ৰমণে সামুদ্ৰিক সুৰক্ষা, যাতায়তৰ স্বাধীনতা, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বিৰূপ প্ৰভাৱ পেলায়।

মন্ত্ৰালয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতক ভাৰতৰ গুৰুতৰ উদ্বেগ তেওঁৰ চৰকাৰৰ আগত অৱগত কৰিবলৈ আহ্বান জনায়। ভাৰতে স্পষ্ট কৰি দিয়ে যে বাণিজ্যিক জাহাজক লক্ষ্য কৰি নিৰীহ নাৱিকৰ জীৱন বিপন্ন কৰা এনে ঘটনা সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় আৰু ভৱিষ্যতে যিকোনো মূল্যৰ বিনিময়ত ইয়াক এৰাই চলিব লাগিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande